চমকী ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা শিশুৰ সংখ্যা বৃদ্ধি

 07/08/2019 - 18:49

ডিজিটেল ডেস্ক: বিহাৰত চমকি ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা শিশুৰ সংখ্যা বৰ্তমান ১৪২ জনলৈ বৃদ্ধি পাইছে। এই ৰোগত বিহাৰৰ কেইবাখনো জিলাৰ শিশু আক্ৰান্ত হৈছে যদিও মোজাফ্ফাপুৰৰ পূৰ্বী চনপাৰণত ইয়াৰ প্ৰভাৱ অধিক হোৱা দেখা গৈছে।

ৰোগীয়ে ঔষধৰ সলনি বৰষুণৰ ফলতহে এই ৰোগৰ পৰা পৰিত্ৰাণ পাব বুলি জনায় চিকিৎসকে। অৱশ্যে বৰষুণৰ ফলত এই ৰোগৰ প্ৰাদুৰ্ভাৱ কমিছে যদিও বৰ্তমানো চমকী ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা শিশুৰ সংখ্যা কমা নাই।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।