ৰেল বিভাগৰ নতুন নিয়ম

 07/08/2019 - 18:49

ডিজিটেল ডেস্কঃ ৰেল দুৰ্ঘটনা ৰােধ কৰিবলৈ ৰেল বিভাগে উলিয়ালে এক নতুন নিয়ম। ৰেলগেট পৰাৰ সময়ত ৰেল লাইন অতিক্ৰম কৰিলে আপুনি যাব লাগিব জেললৈ আৰু ভৰিব লাগিব দহ হেজাৰ টকা জৰিমণা। যদি আপুনি কেইটামান ছেকেণ্ড বা মিনিট বচাবলৈ ফুটব্ৰীজ ব্যৱহাৰৰ পৰিৱৰ্তে এটা প্লেটফৰ্মৰ পৰা আন এটা প্লেটফৰ্মলৈ যাবলৈ ৰেল লাইন পাৰ কৰিব বিচাৰে তেন্তে জেলত যাব লাগিব।

ৰেল লাইন অতিক্ৰম কৰাটাে অপৰাধ, ৰেলৱেৰ নিয়ম অনুসৰি ১৪৭ ধাৰাৰ আধাৰত ৰেল লাইন অতিক্ৰম কৰাৰ অপৰাধত যিকােনা ব্যক্তিক আইনীভাৱে আটক কৰিব পাৰে। যদি কােনাে লােক হাতে লােটে ধৰা পৰে তেতিয়া তেওঁৰ ৬ মাহ পৰ্যান্ত জেল আৰু লগতে দহ হেজাৰ টকা জৰিমণা ভৰিব লাগিব।

ৰেল বিভাগৰ ফালৰ পৰা দেশজুৰি আৰম্ভ কৰা হৈছে জনজাগৰণ অভিযান। সমগ্ৰ দেশতে ৰেললাইন অতিক্ৰম কৰােতে দুৰ্ঘটনাত নিহত হৈছিল বহু লােক। সেয়েহে এনেধৰণৰ দুৰ্ঘটনা ৰােধ কৰিবলৈ ৰেল বিভাগে লৈছে এই নতুন পদক্ষেপ ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।