গোৰেশ্বৰত বিদ্যুৎস্পৃষ্ট হৈ এজন লোকৰ মৃত্যু

 07/08/2019 - 19:42

গোৰেশ্বৰঃ বাক্সা জিলাৰ গোৰেশ্বৰত বিদ্যুৎস্পৃষ্ট হৈ এজন লোকৰ মৃত্যু।  গোৰেশ্বৰৰ মিলন নগৰৰ পথাৰত কাম কৰিবলে গৈ বিদ্যুৎ সংযোগী তাঁৰত লাগি মৃত্যু হয় তপন ডেকা(৪২) নামৰ লোকজনৰ।

মৃত তপন ডেকা ২ সন্তানৰ পিতৃ। ডেকাৰ ঘৰ বৰফুলচকী গাঁৱৰ চেচাঁপাৰ চুবুৰীত। তেওঁৰ অকাল মৃত্যুত অঞ্চলটোত শোঁকৰ ছাঁ পৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।