মিছন পানীঃ ঊনৈশ বছৰে বৰষুণৰ পানী সংৰক্ষণ কৰি আহিছে এটা পৰিয়ালে

 07/08/2019 - 20:46

শিৱসাগৰঃ সমগ্ৰ বিশ্ব এতিয়া পানীৰ সংকটত৷ ক্ৰমশঃ ভূ গৰ্ভত হ্ৰাস পাই আহিছে প্ৰাণীৰ প্ৰাণস্বৰূপ পানী৷ ইয়াকে লৈ চিন্তিত সমগ্ৰ বিশ্ব৷ চিন্তিত ভাৰত৷ দ্বিতীয় বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰীৰ দায়িত্ব লোৱা নৰেন্দ্ৰ মোডীও চিন্তিত পানীক লৈ৷ প্ৰধান মন্ত্ৰীগৰাকীয়ে দেশবাসীক বৰষুণৰ পানী সংৰক্ষণ কৰি দেশবাসীক জল সংকটৰ পৰা সুৰক্ষিত হোৱাৰ আহ্বান জনাইছে৷ শিৱসাগৰ জিলাৰ মগৰাহাট গড়কাষৰীয়া গাঁৱৰ এটা পৰিয়াল৷

একালৰ ছাত্ৰনেতা, সাংবাদিক তথা বৰ্তমান এজন শিক্ষক হৰেশ বৰুৱাই বিগত ঊনৈশ বছৰে সংৰক্ষণ কৰি আহিছে বৰষুণৰ পানী৷ এখন নেওৰাৰ দ্বাৰা এটা টেংকীত বৰষুণৰ পানী সংৰক্ষণ কৰে বৰুৱাই৷ বৰষুণৰ পানীৰে পৰিয়ালটোৱে গা-ধোৱা, মুখ-হাত ধোৱা, কাপোৰ ধোৱা, বাচন-বৰ্তন ধোৱা, গছ-গছনি, ফুলনিত পানী দিয়া আদি সম্পন্ন কৰি আহিছে পৰিয়ালটোৱে৷ বৰুৱা পৰিয়ালৰ এই আদৰ্শ আন কিছু লোকেও গ্ৰহণ কৰিছে৷

'মিচন পানী'ৰ চৰ্চা হোৱাৰ দুই দশকৰ পূৰ্বেই জল সংৰক্ষণৰ পদক্ষেপ গ্ৰহণ কৰা হৰেশ বৰুৱা হ'ব পাৰে বহুজনৰ আদৰ্শ৷ এইজন ব্যক্তিৰ দৰে আমি প্ৰত্যেকেই বৰষুণৰ পানী সংৰক্ষণ কৰিলে জল সংকটৰ পৰা দেশখনক ৰক্ষা কৰাত অকণমান হ'লেও অৰিহণা আগবঢ়াব পৰা যাব৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।