নলবাৰীঃ নলবাৰী আদালতৰ ঐতিহাসিক ৰায়দান। হত্যাকাণ্ডৰ লগত জড়িত অভিযুক্তক আজীৱন কাৰদণ্ড। উল্লেখ্য যে ২০১০ চনত নলবাৰী মালিকুচিৰ মঞ্জুআৰা বেগম নামৰ মহিলাগৰাকীক বৌয়েক অঞ্জুআৰা বেগম আৰু ননদ হাচিনা বেগমে পাৰিবাৰিক কন্দলৰ বাবে মঞ্জুআৰা বেগমক প্ৰথমে লাঠিৰে প্ৰহাৰ কৰি হত্যা কৰে আৰু পিছত বিছনাৰ তলত মৃতদেহটো লুকুৱাই থয়।
পৰৱৰ্তী সময়ত সকলো প্ৰমাণ নোহোৱা কৰাৰ স্বাৰ্থত তথা আৰক্ষীক বিপথে পৰিচালিত কৰাৰ বাবে মঞ্জুৰ মৃতদেহটো ওচৰৰে এটি পুখুৰীত পেলাই দি আত্মহত্যাৰ ৰূপ দিবলৈ চেষ্টা কৰে যদিও মঞ্জুৰ কণমানি চাৰি বছৰীয়া পুত্ৰই সকলো দৃশ্য চকুৰ সন্মুখতে প্ৰত্যক্ষ কৰি আৰক্ষীক বিবৰি কয়। কণমানি পুত্ৰ ৰিজুল আলীৰ সাক্ষীৰ ভিত্তিতে আৰক্ষীয়ে দুয়োজনকে আটক কৰাৰ লগতে হত্যাকাণ্ডৰ গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখে।
পৰৱৰ্তী সময়ত দুয়োগৰাকী অপৰাধী জামিনত মুকলি আকাশৰ তলত ঘূৰি ফুৰে যদিও আজি নলবাৰী আদালতে দুয়োগৰাকী অপৰাধীক ৩০২ ধাৰাৰ জৰিয়তে দহ হাজাৰ টকা জৰিমনা বিহাৰ লগতে যাৱজ্জীৱন সশ্ৰম কাৰাদণ্ড তথা প্ৰমাণ পত্ৰ গাপ দিবলৈ চেষ্টা কৰাৰ বাবে ২০১ ধাৰাৰ জৰিয়তে তিনি হাজাৰ টকা জৰিমনা বিহে। নলবাৰী আদালতৰ আজিৰ এই ৰায়দানত সন্তোষ প্ৰকাশ কৰে পুত্ৰ ৰিজুলৰ লগতে মঞ্জুৰ আত্মীয়ই৷