ইমৰান খানৰ হোলীৰ শুভেচ্ছাক কটাক্ষ অশোক পণ্ডিতৰ

 03/21/2019 - 18:41

ডিজিটেল ডেস্কঃ পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে টুইটাৰ যোগে হিন্দু ধৰ্মাৱলম্বী লোকসকলক জনাইছিল হোলীৰ শুভেচ্ছা। তেওঁৰ এই টুইটৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে ‘দ্য এক্সিডেন্টেল প্ৰাইম মিনিষ্টা’ৰ ছবিখনৰ সহ প্ৰযোজক অশোক পণ্ডিতে। পাক প্ৰধানমন্ত্ৰীগৰাকীয়ে টুইটাৰত লিখিছিল যে- হোলীৰ শুভেচ্ছা জনালো। সকলোৱে যাতে শান্তিপূৰ্ণভাৱে হোলী খেলে তাৰে আশা কৰিলো।’

পাক প্ৰধানমন্ত্ৰীগৰাকীৰ এই টুইটটিৰেই প্ৰতিক্ৰিয়া ব্যক্ত কৰি অশোক পণ্ডিতে টুইটাৰত এটি টুইট কৰে এনেদৰে, ‘প্ৰথমে আমাৰ সেনা জোৱানৰ তেজেৰে হোলী খেলা বন্ধ কৰক। আৰু তাৰপাছতহে হোলীৰ শুভেচ্ছা দিব।’

উল্লেখ্য যে, ১৪ ফেব্ৰুৱাৰীত পুলৱামাত পাকিস্তানৰ সন্ত্ৰাসবাদী সংগঠন জেইছ-ই-মহম্মদে আক্ৰমণ চলাইছিল, য’ত ৪৪জনকৈ চি আৰ পি এফ জোৱান শ্বহীদ হৈছিল। তাৰপাছৰে পৰা ভাৰত আৰু পাকিস্তানৰ সম্পৰ্কত অধিক অৱনতি ঘটিছে আৰু এনেদৰেই সময়ে সময়ে এনেধৰণৰ কটাক্ষৰ বলি হৈ আহিছে পাকিস্তানৰ প্ৰধানমন্ত্ৰীগৰাকী।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.