ছয়গাঁওঃ কামৰূপ জিলাৰ ছয়গাঁও আৰক্ষী থানাৰ অন্তৰ্গত গোৱৰ্দ্ধনত আজি দিনৰ পাঁচ বজাত সংঘটিত হয় এক ভয়াবহ দুৰ্ঘটনা। উল্লেখ্য যে গুৱাহাটীৰ পৰা গোৱালপাৰা অভিমুখে আহি আছিল এ.এছ-০১, এ.বি-৮৯২১ নম্বৰৰ এখন ইন্দিগ’ গাড়ী। সেই সময়তে দুখন তীব্ৰবেগী বাছে প্ৰতিযোগিতামূলকভাৱে আহি গোৱৰ্দ্ধনত নিয়ন্ত্ৰণ হেৰুৱায়। ইয়াৰে এখন বাছ গুচি যায় যদিও এ.এছ-০১, এইছ.চি-৭৪৪৪ নম্বৰৰ মা-বিমলা নামৰ বাছখনে ইন্দিগ’খনক খুন্দা মাৰি গোৱালপাৰামুখী গাড়ীখন গুৱাহাটীমুখী কৰি দিয়ে।
তাৰ পিছতে মা-বিমলা গাড়ীখনে ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত থকা পকী দলংখনত খুন্দা মাৰি ৰেলিং ভাঙি ওপৰতে ওলমি থাকে। ঘটনাৰ খবৰ পোৱা মাত্ৰকে ছয়গাঁও থানাৰ আৰক্ষী বিষয়া ৰূপম হাজৰিকাসহিতে আৰক্ষীৰ বিশাল দল এটাই ঘটনাস্থলীলৈ আহি আঘাতপ্ৰাপ্ত লোকসকলক উদ্ধাৰ কৰে।
কিন্তু গাড়ীৰ সন্মুখভাগে হেঁচা মাৰি ধৰা গাড়ীখনৰ হেন্দিমেন তথা বালাগাঁও কলিতাপাৰা নিবাসী দিপক কলিতা(৩৪)ক উদ্ধাৰৰ বাবে আৰক্ষী তথা স্থানীয় ৰাইজে আপ্ৰাণ চেষ্টা কৰে যদিও এটা সময়ত দিপকৰ মৃত্যু হয়। এই ঘটনাৰ ফলত গুৱাহাটী-গোৱালপাৰা অভিমুখী যান-বাহনসমূহ কিছুসময়ৰ বাবে আৱদ্ধ হৈ আছিল যদিও ছয়গাঁও আৰক্ষীৰ হস্তক্ষেপত পথটো মুকলি কৰা হয়। জানিব পৰা মতে দুৰ্ঘটনাত কম বেছি পৰিমাণে ৮ জন লোক আহত হয়।