এচটিএফৰ বৃহৎ সাফল্যঃ ২ কোটি টকাৰ ড্ৰাগছসহ ৭ জন লোক আটক

 07/09/2019 - 13:12

ডিজিটেল ডেস্ক: উত্তৰ প্ৰদেশস্থিত জৌনপুৰত আৰক্ষীৰ এটা বিশেষ দল এচটিএফ-এ(STF- Special Task Force) অভিযান চলাই ২৬৯ কিলো ড্ৰাগছসহ ৭জন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। আৰক্ষীৰ বিশেষ দলটোৱে জনোৱা মতে এই ড্ৰাগছসমূহৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য ২ কোটিকৈও অধিক।

গুপ্তচৰৰ দ্বাৰা চন্দন নামৰ এগৰাকী ব্যক্তিয়ে চৰফতাহ থানাৰ অন্তৰ্গত এলেকালৈ বৃহৎ পৰিমাৰ ড্ৰাগছ অনাৰ কথা সম্ভেদ পাইছিল এচটিএফ দলটোৱে। আৰক্ষীৰ দলটোৱে সেই এলেকাত তালাচী চলাই এখন চুইফ্ট ডিজায়াৰ গাড়ীত ২৬৯ কিলো ড্ৰাগছসহ ৭ জন ড্ৰাগছ সৰবহৰাকাৰীক আটক কৰিবলৈ সক্ষম হয়। ড্ৰাগছৰ বিৰুদ্ধে এচটিএফৰ এক বৃহৎ সাফল্য।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।