আজি ছেমিফাইনেলঃ ভাৰত বনাম নিউজিলেণ্ড

 07/09/2019 - 13:33

ডিজিটেল ডেস্কঃ আজিৰ দিনটোলৈ ক্ৰিকেটপ্ৰেমীসকলে অধিৰ আগ্ৰহেৰে ৰৈ আছিল। কাৰণ আজি অনুষ্ঠিত হ’ব ২০১৯ৰ বিশ্বকাপ ক্ৰিকেটৰ প্ৰথমখন ছেমিফাইনেল খেল। আজিৰ হাইভল্টেজ খেলখন ভাৰত বনাম নিউজিলেণ্ড। মানচেষ্টাৰৰ অল্ড ট্ৰাফ’ৰ্ড ক্ৰিকেট গ্ৰাউণ্ডত ভাৰতীয় সময় অনুসৰি বিয়লি ৩ বজাৰ পৰা সমুখ মহাৰণত নামিব ভাৰত আৰু নিউজিলেণ্ড।

ইতিমধ্যে এই সংস্কৰণৰ ক্ৰিকেট বিশ্বকাপত অৱতীৰ্ণ হোৱা ৯ খন খেলৰ ৭ খনতে জয়লাভ কৰি আত্মবিশ্বাসী হৈ আছে ভাৰতীয় দলটো। তাৰ বিপৰীতে নিউজিলেণ্ডেও ৯ খন খেলৰ ভিতৰত ৫ খনত জয়লাভ কৰিছে। উপভোগ্য হৈ উঠিবলগীয়া খেলখনত যাতে বৰষুণে বিধি-পথালি নিদিয়ে তাৰ বাবেই প্ৰাৰ্থনা কৰি আছে ক্ৰিকেট প্ৰেমীসকলে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।