07/09/2019 - 14:06
in
বাক্সাঃ বাক্সা জিলাৰ গোৱর্দ্ধন আৰক্ষী চকীৰ অন্তর্গত কালপানী বজাৰৰ চুনবাৰী আলিম উদ্দিনৰ পুত্ৰ আম্বাৰ আলী যোৱা দেওবাৰৰ পৰা নিৰুদ্দেশ হৈ আছিল। সোমবাৰে বৰপেটা ৰোডৰ ৰে’ল ষ্টেছনত ৰে'লৰ সন্মুখত জপিয়াই আত্মহত্যা কৰে আম্বাৰ আলীয়ে। লোকজনে ডি ভোটাৰৰ ষড়যন্ত্ৰত আত্মহত্যা কৰে বুলি জানিব পৰা গৈছে।
৫১ চনৰ নথিপত্ৰ থকাৰ পাছতো এনআৰচিত নাম অন্তর্ভূক্ত নোহোৱাত আম্বাৰ আলী হতাশাত ভুগিছিল। এনআৰচিৰ শুনানিত বহু কেইবাৰ উপস্থিত হৈ লগতে টকা পইচাৰ অভাৱতো লাহে লাহে মানসিকভাৱে ভাগি পৰিছিল আম্বাৰ আলী। ৪টা সন্তানৰ পিতৃ আম্বাৰ আলীৰ আত্মহত্যাৰ ঘটনাই অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে।