ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীয়ে নেখেলিলে হোলী!

 03/21/2019 - 19:05

ডিজিটেল ডেস্কঃ সমগ্ৰ দেশ ডুবি আছে ৰঙৰ উৎসৱ হোলীৰ মাদকতাত। সকলোতে বিয়পি পৰিছে ৰঙৰ উৎসৱৰ ব্যাপক উৎসাহ-উদ্দীপনা। হোলীৰ আনন্দ-উছাহৰ ঢৌত সকলো উটি-ভাঁহি গৈছে। কিন্তু হোলীৰ এই পাৰভঙা ৰঙে চুব পৰা নাই ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীক।

 

ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে নিজকে এই ৰঙৰ উৎসৱৰ পৰা আঁতৰাই ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে। হোলী উদযাপন নকৰি মুখ্যমন্ত্ৰীগৰাকী ব্যস্ত থাকিল প্ৰয়োজনীয় কাম-কাজত। সমগ্ৰ বিশ্বক জোঁকাৰি যোৱা ১৪ ফেব্ৰুৱাৰীৰ পুলৱামা কাণ্ডত শ্বহীদ হোৱা সকলৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰি ৰং খেলাৰ পৰা বিৰত থাকে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীগৰাকী।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।