জনীয়াঃ দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল ৰাজ্য চৰকাৰৰ ফোপোলা স্বৰূপটো বৰপেটা জিলাৰ একাংশ বন কৰ্মচাৰীৰ সহযোগত চলাই থকা অবৈধ কাঠ ফলা মিলৰ স্বত্বাধিকাৰ সকলে উদঙাই দিবলৈ সক্ষম হৈছে। প্ৰকৃতি প্ৰেমী ৰাইজৰ অভিযোগৰ ভিত্তিত যোৱা দেওবাৰে বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ অন্তৰ্গত বামুনটাৰীৰ দক্ষিণাঞ্চলৰ একেবাৰে নদীৰ কাষত চলাই থকা এটা কাঠ ফলা মিলত সাংবাদিকৰ এটা দল উপস্থিত হয়।শাল, চেগুন, গমাৰী, শিমলু, ভোজকে ধৰি বিভিন্ন মূল্যৱান কাঠ ফালি থকা অৱস্থাত সাংবাদিক সকলে প্ৰত্যক্ষ কৰে। এই খিনিতে প্ৰকৃতি প্ৰেমী সচেতন ৰাইজে প্ৰশ্ন উত্থাপন কৰি কয় যে, বৰপেটা জিলাৰ বিভিন্ন অঞ্চলত অবৈধ কাঠ ফলা মিল চলি থকাৰ বিৰুদ্ধে সবিস্তাৰে ঘনেপতি বাতৰি পৰিৱেশন হৈ আহিছে।
তেনে ক্ষেত্ৰত কাৰ মেহেৰবানত বৰপেটা জিলাৰ অবৈধ কাঠ ফলা মিলৰ স্বত্বাধিকাৰসকলে দিনে নিশাই মিল চলাই যাবলৈ সক্ষম হৈছে। এই ক্ষেত্ৰত শহৰ আলীয়ে লিখিত ভাৱে সাংবাদিকক জানিবলৈ দিয়ামতে বৰপেটা ৰোড্ আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ বনপালক ধীৰাজ দাসে অবৈধ কাঠ ফলা মিলৰ স্বত্বাধিকাৰৰ পৰা কমিচনৰ বিনিময়ত মিলবোৰ চলাবলৈ সহায় কৰি আহিছে। ধীৰাজ দাসৰ কৃপাত চলা মিলবোৰত কোনো বৰপেটা জিলা বন বিষয়া নোযোৱাৰ আগতেই ধীৰাজ দাসে অবৈধ কাঠ ফলা মিলৰ স্বত্বাধিকাৰ সকলক আগজাননী দি সহায় কৰি আহিছে বুলিও শহৰ আলীয়ে অভিযোগ উত্থাপন কৰিছে।
অৱশ্যে অবৈধ কাঠ ফলা মিলৰ বিৰুদ্ধে বিস্তাৰিত ভাৱে ঘনেপতি বাতৰি প্ৰকাশ হৈ থকাৰ পাছতো যিহেতু মিলবোৰ কোনো ভ্ৰূক্ষেপ নকৰাকৈ চলাই যাবলৈ সক্ষম হৈছে তেনে ক্ষেত্ৰত বৰপেটা বন বিভাগৰ সহায় থকাটো একেবাৰে স্বাভাৱিক বুলি প্ৰকৃতি প্ৰেমী ৰাইজৰ মাজত বিবেচিত হৈছে। এইক্ষেত্ৰত বৰপেটা জিলা বন বিভাগে গ্ৰহণ কৰা ভূমিকাৰ ওপৰত বহু কথাৰেই ইঙ্গিত বহন কৰিব যদিও ৰাইজে অবৈধ কাঠ ফলা মিলবোৰ বন্ধ কৰিবলৈ আহ্বান জনাইছে।