পথ দুৰ্ঘটনা ৰোধত নীতিন গাডকাৰীৰ বিশেষ পৰিকল্পনা

 07/09/2019 - 15:36

ডিজিটেল ডেস্কঃ দিনক দিনে বৃদ্ধি পোৱা পথ দুৰ্ঘটনা হ্ৰাস কৰিবলৈ মোদী চৰকাৰে এক বিশেষ আঁচনি হাতত লৈছে। পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে দেশত দিনক দিনে বৃদ্ধি পোৱা পথ দুৰ্ঘটনাত উদ্বিগ্ন হৈ এক নতুন পৰিকল্পনা হাতত লৈছে। গাডকাৰীয়ে পথ দুৰ্ঘটনা হ্ৰাস কৰিবৰ বাবে দেশত ৮৫০টা ড্ৰাইভিং ট্ৰেইনিং চেণ্টাৰ খোলাৰ লগতে গাড়ীৰ টায়াৰ নিৰ্মাণত ৰবৰৰ লগতে ছিলিকন মিহলি কৰি টায়াৰত নাইট্ৰ’জেন গেছ ভৰোৱাটো নিশ্চিত কৰা প্ৰয়োজন হৈ পৰিছে বুলি কয়। কাৰণ ইয়াৰ যোগেদি টায়াৰ ঠাণ্ডা হৈ থাকিব আৰু ফাটি যোৱাৰ সম্ভাৱনা কম থাকে।

গাড়ীৰ টায়াৰত নাইট্ৰ’জেন গেছ ভৰোৱাটো শীঘ্ৰে বাধ্যতামূলক কৰা হ'ব বুলিও তেখেতে প্ৰকাশ কৰাৰ লগতে এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে এখন পলিচী অনাক লৈ চিন্তা–চৰ্চা কৰিছে বুলিও ব্যক্ত কৰে। উল্লেখ্য যে প্ৰতি বছৰে ডেৰ লাখৰো অধিক লোকৰ পথ দুৰ্ঘটনাত মৃত্যু হোৱাৰ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে গুৰুত্ব প্ৰদান কৰি এক নতুন আইন প্ৰযোজ্য কৰা হ'ব বুলি প্ৰকাশ কৰে। আনহাতে এই সম্বন্ধীয় বিধেয়ক এবছৰ ধৰি সদনত পৰি আছে বুলি কৈ এই বিধেয়কখন শীঘ্ৰে গৃহীত কৰাৰ বাবে অনুৰোধ জনায় কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.