আদালতত হাজিৰ কৰােৱা হ’ব ৰাহুল গান্ধীক

 07/09/2019 - 16:27

ডিজিটেল ডেস্কঃ আহমদাবাদ আদালতত আজি হাজিৰ কৰােৱা হ’ব কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীক। যােৱা এপ্ৰিল মাহৰ লােকসভা নিৰ্বাচনত মধ্যপ্ৰদেশৰ এটা নিৰ্বাচনী সমদলত দিয়া ভাষণত বহু বছৰ পূৰ্বে সংঘটিত এক হত্যাকাণ্ডৰ লগত অমিত শ্বাহ জড়িত থকা বুলি ৰাহুল গান্ধীয়ে মন্তব্য কৰিছিল। ইয়াৰােপৰি অমিত শ্বাহৰ পুত্ৰ জয় শ্বাহৰ বিৰুদ্ধেও দুৰ্নীতিৰ অভিযােগ দিছিল ৰাহুল গান্ধীয়ে।

২০০৫ চনত শ্বহৰাবুদ্দিন শ্বেখ নামৰ এজন দুৰ্বৃত্তৰ লগত জড়িত থকা সন্দেহত ২০১০ চনৰ ২৫ জুলাই তাৰিখে অমিত শ্বাহক আৰক্ষীয়ে আটক কৰিছিল যদিও উপযুক্ত প্ৰমাণ নথকাত ২০১৪ চনত অমিত শ্বাহক আদালতে মুকলি কৰি দিছিল। অমিত শ্বাহক হত্যাকাৰী বুলি মন্তব্য কৰিছিল ৰাহুল গান্ধীয়ে আৰু এই মন্তব্যৰ বাবে ৰাহুল গান্ধীৰ বিৰুদ্ধে দাখিল কৰা হৈছিল এজাহাৰ। এই ঘটনাৰ সন্দৰ্ভত আজি আহমদাবাদ আদালতত হাজিৰ হ’ব কংগ্ৰেছৰ প্ৰাক্তন সভাপতিজন।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।