07/09/2019 - 17:12
in
ডিজিটেল ডেস্কঃ দেশৰ চাৰি ঠাইতহে আছে টকা ছপা কৰা শাল। মুম্বাইৰ নাসিক, বাংগালুৰু, জয়পুৰ আৰু অন্ধ্ৰপ্ৰদেশত টকা বনোৱা হয়। উত্তৰ পূৱলৈ এই টকা কঢ়িয়াই আনোতে মাহেকত খৰছ হয় ৩২ লাখ ৭২ হাজাৰ টকা আৰু বছৰি প্ৰায় ৪ কোটি টকা।
সেয়েহে এইবাৰ উৰিয়ামত এটা টকা ছপা শাল বনাবলৈ কেন্দ্ৰ চৰকাৰে সিদ্ধান্ত লৈছে। উত্তৰ-পূৱৰ ৰাজ্য কেইখনত টকা বিতৰণ কৰিবলৈ সহজ কৰাৰ উদ্দেশ্যৰে উৰিয়ামত টকা ছপা শাল বনোৱা হ’ব।