তিতাবৰত ঠেঙাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ জ্ঞান বিকাশ বঁটা প্রদান

 07/09/2019 - 17:15

তিতাবৰঃ ঠেঙাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ অন্তৰ্গত সদ্যঘােষিত উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত কৃতিত্বৰে উত্তীর্ণ হোৱা ছাত্র-ছাত্রীসকলক ১৩ তম্ জ্ঞান বিকাশ বঁটা প্ৰদান কৰে। স্বায়ত্ব শাসিত পৰিষদে পাঁচখন জিলাৰ ভিতৰত ঠেঙাল আৰু অ-ঠেঙালৰ মুঠ ৩৪৬ গৰাকী ছাত্ৰ-ছাত্ৰীলৈ এই বঁটা আগবঢ়ায়।

তিতাবৰ ষ্টেচন তিনিআলিস্থিত ডঃ মনমোহন সিং ৰাজহুৱা প্রেক্ষাগৃহত অনুষ্ঠিত হােৱা ঠেঙাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ অন্তৰ্গত সমষ্টিৰ যােৰহাট আৰু ডিব্রুগড় জিলাৰ ২২০ গৰাকী মেধাবী ছাত্র-ছাত্রীক জ্ঞান বিকাশ বঁটা প্ৰদান কৰে।

ঠেঙাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ সদস্য অচিন্ত শইকীয়াই আঁত ধৰা অনুষ্ঠানটোত আদৰণি ভাষণ আগবঢ়াই ঠেঙাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য কুমুদ কছাৰীয়ে। অনুষ্ঠানটোত মুখ্য অতিথিৰূপে উপস্থিত থাকে যোৰহাট ৰাষ্ট্ৰীয় ৰূপাংকৰ প্ৰতিষ্ঠানৰ সঞ্চালক ডঃ ৰবি শঙ্কৰ।

অনুষ্ঠানটোত ঠেঙাল কছাৰী স্বায়ত্বশাসিত পৰিষদৰ অধ্যক্ষ হৰপ্ৰভা ঠেঙাল, নন্দনাথ শইকীয়া মহাবিদ্যালয়ৰ প্রাক্তন অধ্যক্ষ যােগেশ্বৰ বৰা, ঠেঙাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ প্ৰাক্তন সচিব ৰােহিতেশ্বৰ দেউৰী, তিতাবৰ পৌৰ সভাৰ পৌৰপতি ৰাজীৱ দত্ত, পৰিষদখনৰ সচিব অধৰ ভূঞা, পৰিষদৰ মুখ্য কার্যবাহী সদস্য প্রতাপ কছাৰীকে ধৰি বহু কেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।