07/09/2019 - 18:07
in
ডিজিটেল ডেস্কঃ নিশা গুৱাহাটীৰ মাজমজিয়াত সংঘটিত হয় চুৰি কাৰ্যৰ ঘটনা। দিছপুৰ বিধায়ক আৱাসগৃহৰ সমীপতে সংঘটিত হয় এই ঘটনা। মহানগৰীৰ নিৰাপত্তা ব্যৱস্থাক বুঢ়া আঙুলি দেখুৱাই চােৰে লুটি নিয়ে দুখনকৈ ফাৰ্মাচীৰ লগতে এখন গেলামালৰ দােকান।
গভাইত চােৰকেইটাই দােকানৰ টিনপাত কাটি শ্বিলিং ভাঙি ফাৰ্মাচীত প্ৰৱেশ কৰি চলায় এই লুটপাত। দিছপুৰ লাষ্টগেটত থকা নিউ পদ্মা মেডিক’জ আৰু পি কে মেডিক’জৰ লকাৰ ভাঙি নগদ ৩০ হেজাৰ টকা, ঔষধ-পাতি লুটি নিয়াৰ লগতে ফাৰ্মাচীৰ পৰা খাই যায় ORS পৰ্যন্ত।
আনকি ওচৰত থকা গেলামাল দােকানখনাে বাদ নপৰিল। দােকানখনৰ পৰা বহুখিনি সা-সামগ্ৰী লুটি নিয়ে বুলি গেলামালৰ দােকানীজনে দুখ প্ৰকাশ কৰে। ইতিমধ্যে উক্ত স্থানত আগতেও পাঁচবাৰকৈ চুৰিকাৰ্য সংঘটিত হয় বুলি জানিবলৈ দিয়ে স্থানীয় ৰাইজে।