দিছপুৰ থানা ঘেৰাও প্ৰতিবন্ধী সুৰক্ষা সংস্থাৰ

 07/09/2019 - 18:57

 গুৱাহাটীঃ আজি দিছপুৰ থানা ঘেৰাও কৰিলে প্ৰতিবন্ধী সুৰক্ষা সংস্থাই। প্ৰতিবন্ধী সুৰক্ষা সংস্থাৰ সভাপতিৰ মৃত্যুৰ ভাবুকি প্ৰদানক কেন্দ্ৰ কৰি থানাৰ চৌহদ উত্তাল কৰে যথেষ্ট সংখ্যক সদস্যই। এজাহাৰ দাখিলৰ পিছতাে আৰক্ষীয়ে গুৰুত্ব নিদিয়াৰ অভিযােগ উত্থাপিত কৰিছে সংস্থাটােই।

২০১৮ চনৰ ৫ অক্টােবৰত তেওঁলােকৰ দাবীৰ বাবে যি প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আহিছিল আৰু তেওঁলােকৰ ওপৰত লাঠিচালনা কৰিছিল লগতে সংস্থাটােৰ ওপৰত চলা বহুকেইটা অন্যায়ৰ ভিত্তিত এজাহাৰ দাখিল কৰিছিল। কিন্তু আজি পৰ্যন্ত আৰক্ষীয়ে কােনাে তদন্ত নকৰাক লৈ ক্ষুব্ধ হৈ পৰে সংস্থাটােৰ সদস্যসকল। সংস্থাটােৰ সদস্যসকলৰ সুব্যৱস্থা গ্ৰহণ নকৰিলে প্ৰতিবাদ কাৰ্যসূচী আৰু পৰিস্থিতি অধিক ভয়ংকৰ হৈ পৰিব বুলি ভাবুকি প্ৰদান কৰে সংস্থাটােয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।