গুৱাহাটীঃ ৰাজ্যত বিজেপি দলত যোগদান দিয়াৰ জোৱাৰ উঠিছে। অসমৰ কেইবাটাও জাতীয় সংগঠনৰ নেতাই বিজেপি গমন কৰাৰ পিছত এইবাৰ বিজেপিলৈ যাবলৈ সাজু হৈছে সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতিসহ ১৪খন জনগোষ্ঠীয় উন্নয়ন পৰিষদ। অনুসূচিত জাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি প্ৰবীন বৈশ্যই যোগদান কৰিব বিজেপিত। ইতিমধ্যে প্ৰবীন বৈশ্যৰ নেতৃত্বত ১৪খন জনগোষ্ঠীয় উন্নয়ন পৰিষদৰ নেতা-কৰ্মীয়ে বিজেপি নেতৃত্বৰ সৈতে আলোচনাত মিলিত হৈছে। যোৱা ৭ জুলাইত বিজেপি নেতৃত্ব আৰু অনুসূচিত জাতি ছাত্ৰ সন্থাৰ নেতৃত্বৰ মাজত হেঙেৰাবাৰীস্থ বিজেপি ৰাজ্যিক কাৰ্যালয়ত এই আলোচনা হৈ যায়।
অনুসূচিত জাতি ছাত্ৰ সন্থাৰ সভাপতি প্ৰবীন বৈশ্যৰ লগতে অনুসূচিত জাতি উন্নয়ন পৰিষদ, গোৰ্খা উন্নয়ন পৰিষদ, টাই আহোম উন্নয়ন পৰিষদ, মদাহী উন্নয়ন পৰিষদ, শৰণীয়া কছাৰী উন্নয়ন পৰিষদ, কোচ ৰাজবংশী উন্নয়ন পৰিষদ, মৰিয়া উন্নয়ন পৰিষদ, আৰ্মি কাৰ্বি উন্নয়ন পৰিষদ, চুতীয়া উন্নয়ন পৰিষদ, বৰ্মন-ডিমাছা উন্নয়ন পৰিষদ, আদিবাসী উন্নয়ন পৰিষদ আদিকে ধৰি প্ৰায় ১৪খন জনগোষ্ঠীয় উন্নয়ন পৰিষদে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰিব। ইয়াৰ উপৰি কংগ্ৰেছ নেশ্যনেল পিপ’লছ পাৰ্টিৰ নেতৃত্বয়ো বিজেপিত যোগদান কৰিব।
যুৱ নেতা প্ৰবীন বৈশ্যৰ নেতৃত্বত গেৰুৱা বসন পিন্ধিবলৈ সাজু হৈছে শতাধিক যুৱক। বিগত কংগ্ৰেছ চৰকাৰৰ দিনত বিভিন্ন জাতি-জনগোষ্ঠীৰ সামগ্ৰীক উন্নয়নৰ বাবে গঠন হোৱা উন্নয়ন পৰিষদ কেইখনৰ নেতৃত্বই বিজেপি গমন কৰিবলৈ লোৱা কাৰ্যই বিশেষ চৰ্চা লাভ কৰিছে। যুৱ নেতা প্ৰবীন বৈশ্যৰ নেতৃত্বত ইমানবোৰ উন্নয়ন পৰিষদে একেলগে বিজেপি দলত যোগদানৰ প্ৰক্ৰিয়া চূড়ান্ত হোৱাত ৰাজ্যৰ ৰাজনৈতিক মহলত বিশেষ চৰ্চা লাভ কৰিছে।