07/09/2019 - 19:30
in
ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰীয় ড্ৰাগছ সেৱা চিকিৎসা কেন্দ্ৰ আৰু এইমচৰ জৰিয়তে কেন্দ্ৰৰ ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ে চলােৱা সমীক্ষাত অসমত সুৰা সেৱনৰ কেন্দ্ৰ অধিক আৰু নিতৌ বৃদ্ধি পাইছে। ইয়াৰ লগে লগে বৃদ্ধি পাইছে গাঞ্জাজাতীয় নিচা সামগ্ৰীৰ। জানিব পৰা মতে ১০ বছৰৰ পৰা প্ৰায় ৭০ বছৰ বয়সৰ লােকৰ ৮.৯ শতাংশই নিয়মীয়াকৈ কৰি আহিছে সুৰাপান।
সমগ্ৰ দেশৰ ভিতৰতে সুৰা সেৱনকাৰী লােকৰ সংখ্যা ১৪.৬ শতাংশ অৰ্থাৎ প্ৰায় ১৬ কােটি। দেশৰ ভিতৰত সৰ্বাধিক সুৰা সেৱন কৰা ঠাইসমূহ হৈছে- ছট্টিশগড়, পাঞ্জাৱ, অৰুণাচল, গােৱা, ত্ৰিপুৰা, অসম, দিল্লী, উত্তৰ প্ৰদেশ আৰু ছিকিমৰ বাসিন্দাই নিয়ামীয়াকৈ সুৰাপান কৰি আহিছে। এই দহখন ৰাজ্যৰ ভিতৰত অসমৰ নামাে অন্তৰ্ভুক্ত হৈছে। উল্লেখ্য যে এই দহখন ৰাজ্যৰ ভিতৰত অসমত সৰ্বাধিক সুৰা বিক্ৰী হয় বুলি জানিব পৰা গৈছে।