কোকৰাঝাৰত চোৰৰ তাণ্ডৱঃ ঘৰৰ মালিকসহ ভাড়াতীয়াৰ দুই লক্ষাধিক আ-অলংকাৰলৈ উধাও

 07/09/2019 - 19:47

কোকৰাঝাৰঃ কোকৰাঝাৰ চহৰত মাজে মাজে চোৰে তাণ্ডৱ চলাই আহিছে যদিও নাকী লগাব পৰা নাই কোকৰাঝাৰ আৰক্ষীয়ে। আজিও চহৰখনৰ ১১ নং ৱাৰ্ডৰ নৌনগৰত চোৰে দিন দুপৰতে আলমিৰা ভাঙি দুই লক্ষাধিক সোণৰ আ-অলংকাৰ লৈ উধাও হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ ঘটনাৰ বিতং তথ্য অনুসৰি আজি ঘৰৰ মালিক তথা পশু চিকিৎসালয়ত কৰ্মৰত জুনু বসুমতাৰীয়ে নিজৰ কৰ্মস্থলীত যোৱাৰ লগতে তেওঁৰ পত্নীও দেউতাকৰ ঘৰলৈ গৈছিল। তদুপৰি তেওঁৰ ঘৰৰ ভাড়াতীয়া তথা এইচডিএফচি বেংকৰ কোকৰাঝাৰ শাখাৰ উপ শাখা প্ৰৱন্ধক হিচাপে কৰ্মৰত অমৰজিৎ নাৰ্জাৰীও নিজৰ কৰ্মস্থলীত গৈছিল।

সেই সময়তে ঘৰত কোনো নথকাৰ সুযোগ লৈ চোৰে লোহাৰ গেট পাৰ হৈ ঘৰৰ দুৱাৰখনৰ তলা ভাঙি ঘৰত প্ৰৱেশ কৰি আলমিৰা খুলি সোণৰ আ- অলংকাৰলৈ উধাও হয়। একেদৰে ভাড়াতীয়া হিচাপে থকা বেংক বিষয়াজনৰ লক্ষাধিক মূল্যৰ সোণৰ আ-অলংকাৰসমূহ লৈ উধাও হয় চোৰৰ দল। ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। উল্লেখ্য যে উক্ত এলেকাত পূৰ্বেও চোৰে দিন দুপৰতে এনে চুৰি কাণ্ড সংঘটিত কৰিছিল। সেয়ে নিশা নহয় দিন দুপৰতে এনে কাণ্ড পুনৰ সংঘটিত হোৱাত আশ্চৰ্য প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।