তিতাবৰত ঐৰাৱত নামৰ খোৱাপানীৰ বটলত ওলাল শেলাই

 07/09/2019 - 20:14

তিতাবৰঃ বজাৰত সহজে উপলব্ধ পানী খাওঁতে সাৱধান হওক আপুনি। কিয়নো তিতাবৰ চাৰি আলিৰ এখন দোকানত বিক্ৰীৰ বাবে অনা ঐৰাৱত নামৰ পানী বটলটোত ওলাইছে শেলাই। যোৰহাটৰ ৰজা মৈদামৰ ৰবীন হাইদ্র’ ইণ্ডাষ্ট্ৰীজ নামৰ কোম্পানীটোৰ ঐৰাৱত নামৰ পানীৰ বটলটোত ওলোৱা শেলাইকলৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে তিতাবৰত।

বৃহত্তৰ অসমীয়া যুৱ মঞ্চই এই ঐৰাৱত নামৰ পানী বটলৰ ৰবীন হাইদ্র’ ইণ্ডাষ্ট্ৰীজ নামৰ কোম্পানীটোৰ ওপৰত তিতাবৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰি য’তে ত’তে গঢ়লৈ উঠা এইবোৰ পানী পেকেজিং কোম্পানীৰ ওপৰত চৰকাৰক উচিত তদন্ত কৰি নেকি লগোৱা ব্যৱস্থা গ্ৰহণ কৰিবলৈ অসম চৰকাৰক দাবী জনাইছে বৃহত্তৰ অসমীয়া যুৱ মঞ্চই।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।