বিজেপি বিধায়কক হত্যাৰ অপচেষ্টা

 03/21/2019 - 19:47

ডিজিটেল ডেস্কঃ হোলীৰ আনন্দ উছাহৰ মাজতে ঘটিছে এক অঘটন। বিজেপিৰ এগৰাকী বিধায়কক হত্যাৰ চেষ্টা চলোৱা কাৰ্যই সৰ্বত্ৰে সৃষ্টি কৰিছে চাঞ্চল্যৰ। নতুন দিল্লীৰ লখিমপুৰ বিধাসনভা সমষ্টিৰ বিধায়ক যোগেশ বাৰ্মাক হত্যা কৰাৰ অপচেষ্টা চলায় দুৰ্বৃত্তই।

পাৰ্টী কাৰ্যালয়ত হোলী উদযাপন কৰি ৰং-আনন্দৰ মাজত ব্যস্ত থকাৰ সময়তে বিধায়ক যোগেশ বাৰ্মালৈ লক্ষ্য কৰি গুলিচালনা কৰে দুৰ্বৃত্তই। দুৰ্বৃত্তৰ গুলিয়ে আঘাত কৰে বিধায়কগৰাকীৰ বাওঁভৰিত। এই ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হয় হাহাকাৰ পৰিস্থিতিৰ।

আহত বিধায়কজনক লৰালৰিকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। বৰ্তমান চিকিৎসকে বিপদমুক্ত ঘোষণা কৰিছে যোগেশ বাৰ্মাক। কোনে কি আক্ৰোশত এই ঘটনা সংঘটিত কৰিছে তাক লৈ সৃষ্টি হৈছে ৰহস্যৰ। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি ৰুজু কৰিছে এক গোচৰ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।