নগাঁৱৰ উৰিয়াগাঁৱত শিশু উদ্ধাৰৰ নতুন মােৰ

 07/09/2019 - 20:19

ডিজিটেল ডেস্কঃ মঙলবাৰে পুৱা নগাঁৱৰ পথৰ দাঁতিত শিশু উদ্ধাৰ হােৱা ঘটনাই নতুন মােৰ লৈছে। পুৱা স্থানীয় লােকে উদ্ধাৰ কৰা শিশু দুটিক পিতৃয়ে এৰি থৈ গৈছিল বুলি একাংশ লােকে প্ৰকাশ কৰিছিল। বৰ্তমান শিশু দুটিৰ পিতৃ আৰু মাতৃগৰাকীৰ ভাষ্য অনুসৰি ঘটনাটােয়ে অন্য এক নতুন ৰূপহে লয়। পিতৃ-মাতৃৰ ভাষ্য অনুসৰি কামৰ সূত্ৰে চিনাকি থকা কৃষ্ণা নামৰ ট্ৰাক চালক এজনৰ ট্ৰাকত শিশুদুটিসহ জখলাবন্ধাৰ চিকিৎসালয়লৈ গৈছিল মাতৃৰ বেমাৰৰ চিকিৎসা মৰ্মে।

শিশু দুটিৰ মাতৃগৰাকীক চিকিৎসালয়ত নমাই থৈ ট্ৰাক চালকজনে শিশু দুটি আৰু পিতৃজনক লগত লৈ চামুগুৰি অভিমুখে ৰাওনা হয়। চালকজনে পিতৃজনক চােকা অস্ত্ৰৰে আঘাট কৰি চামগুৰিত পেলাই থৈ শিশু দুটিক লৈ নগাঁৱৰ উৰিয়াগাঁৱলৈ পলায়ন কৰে। কৃষ্ণা নামৰ চালকজনে শিশু দুটিক শাৰীৰিকভাৱে নিৰ্যাতন কৰাৰ লগতে কন্যা শিশুটিৰ লগত অপকৰ্ম কৰি উৰিয়াগাঁৱত এৰি যায়। পিছত শিশু দুটিৰ পিতৃয়ে সমগ্ৰ ঘটনা আৰক্ষী আৰু সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।