মহানগৰীত পৰিৱেশ লেতেৰা কৰাসকল সাৱধান হওক

 07/09/2019 - 20:31

গুৱাহাটীঃ গুৱাহাটী মহানগৰীত পৰিস্কাৰ-পৰিচ্ছন্নতাৰ লক্ষ্যৰে মুকলি কৰা হ’ল ফ্লায়িং স্কােৱাৰ্ডৰ দল। ছুপাৰ মাাৰ্কেটৰ খেলপথাৰত আনুষ্ঠানিকভাৱে মুকলি কৰে উন্নয়ন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই। মুঠ ৬ গৰাকী অভিযন্তাৰ নেতৃত্বত গঠন কৰা হ’ল ৬টাকৈ ফ্লায়িং স্কােৱাৰ্ডৰ দল। মঙলবাৰৰ পৰা সক্ৰিয় হৈ পৰিল ৰাজপথত ফ্লায়িং স্কােৱাৰ্ড।

ইয়াৰ লক্ষ্য হ’ল একােটাকৈ দলে এটা এটা অঞ্চল পৰ্যবেক্ষণ কৰি পৰিস্কাৰ কৰিব। উল্লেখ্য যে অহা ১৩ জুলাইৰ পৰা প্ৰত্যেকদিনা ৪টাকৈ ৱাৰ্ডত চলাব সজাগো অভিযান। ৩১ জুলাইৰ পিছত যদি কােনাে ব্যক্তিয়ে য’তে ততে থু বা পিক পেলায় তেনেহ’লে ভৰিব লাগিব জৰিমনা। এই কথা সদৰী কৰে গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত দেৱেশ্বৰ মালাকৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।