যোগীঘোপাৰ কুঠিপাৰাত বাঁহৰ দলঙেৰে চলিছে যাতায়ত

 07/10/2019 - 12:24

যোগীঘোপাঃ দলং নে মৰণফান্দ! চৰকাৰ পৰিৱৰ্তন হ’ল, মন্ত্ৰী-বিধায়ক সলনি হ’ল কিন্তু সলনি নহ’ল ভোটাৰ ৰাইজক উন্নয়নৰ প্ৰতিশ্ৰুতি দিয়া জৰাজীৰ্ণ বাট-পথ আৰু মৰণফান্দসদৃশ দলংসমূহ। তাৰে এক জলন্ত ছবি দেখা গৈছে বঙাইগাঁও জিলাৰ যোগীঘোপাৰ কুঠিপাৰাত। অভয়াপুৰী দক্ষিণ বিধান সভা সমষ্টিৰ অন্তৰ্গত যোগীঘোপাৰ কুঠিপাৰা-খুটামাৰী সংযোগী পথত আছে এখন দলং।

কেইডালমান বাঁহেৰেই মৰণত শৰণ দি অহা-যোৱা কৰিছে অঞ্চলবাসীয়ে। অভয়াপুৰী দক্ষিণ বিধান সভা সমষ্টিৰ বিধায়ক অনন্ত কুমাৰ মালোৰ নিজ পঞ্চায়তৰ অন্তৰ্গত তথা নিজ বাসভৱনৰ পৰা ২ কিলোমিটাৰ দূৰত্বত অৱস্থিত এই দলংখন। পৰিৱৰ্তনৰ শ্লোগানেৰে ক্ষমতা দখল কৰা ৰাজ্য চৰকাৰ আৰু জনপ্ৰতিনিধিৰ বঞ্চনাৰ বলি হৈছে বঙাইগাঁও জিলাৰ যোগীঘোপাৰ কুঠিপাৰা অঞ্চলৰ হাজাৰ হাজাৰ জনতা।

কেইবা সহস্ৰাধিক লোকৰ যোগাযোগৰ একমাত্ৰ যাতায়তৰ মাধ্যম হ’ল এই বাঁহৰ দলংখন। কিন্তু দক্ষিণ অভয়াপুৰী বিধান সভা সমষ্টিৰ বিধায়ক অনন্ত কুমাৰ মালোৰ লগতে চৰকাৰৰ কোনো কানসাৰ নাই। উপায়ন্তৰ হৈ ৰাইজে গাঁঠিৰ ধন খৰছ কৰি খৰালিতে স্থাপন কৰিছিল এই বাঁহৰ দলংখন। খৰালি পাৰ হৈ বাৰিষা আহিল। মৰনক হৰণ দি বিপদসংকুলভাবেই পাৰাপাৰ হৈছে স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰী।

জৰাজীৰ্ণ দলঙৰ ওপৰেৰে পাৰ হৈছে মটৰ চাইকেল। যিকোনো সময়তে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা কৰিছে ৰাইজে। ইমানৰ পিছতো কিন্ত কানসাৰ নাই বঙাইগাঁও জিলা প্ৰশাসনৰ লগত স্থানীয় বিধায়ক অনন্ত কুমাৰ মালোৰ। উল্লেখ্য যে অঞ্চলটোৰ স্থানীয় ৰাইজে এই ভঙা বাঁহৰ দলংখনৰ অৱস্থাৰ বিষয়ে অৱগত কৰিছিল যদিও ৰাইজে বিধায়কৰ পৰা কেৱল মাত্ৰ আশ্বাস হে পাইছে। কোনোধৰণৰ সঁহাৰি নাপালে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।