আমিনগাঁও-উত্তৰ গুৱাহাটীৰ মাজেৰে ফুলুঙলৈ যোৱা পথ নিৰ্মাণত অনিয়মৰ অভিযোগ

 07/10/2019 - 12:52

উত্তৰ গুৱাহাটীঃ আমিনগাঁও উত্তৰ গুৱাহাটীৰ মাজেৰে ফুলুঙলৈ যোৱা পথছোৱাৰ সম্প্ৰসাৰণ আৰু নিৰ্মাণৰ কাম চলি আছে।কাম আৰম্ভ হোৱা ৪ বছৰৰ অধিক কাল হ'ল যদিও অতি লেহেমীয়া আৰু ত্ৰুটিপূৰ্ণভাৱে কাম আগবাঢ়িছে। নিবিদা ভিত্তিত গড়কাপ্টানি বিভাগৰ পথছোৱাৰ কাম হাই-টেক নামৰ প্ৰতিষ্ঠানটোৱে কৰিছে।

এতিয়ালৈ নিৰ্মাণ কৰা পথছোৱাত বিভিন্ন অঞ্চলত দীঘ-পুতলৰ সামান্যতম সামঞ্জস্য নাই। ঠিকাদাৰ আৰু ইঞ্জিনীয়াৰৰ মন মৰ্জিত কাম আগবাঢ়িছে। ৰাইজৰ অভিযোগ মতে ফুটপাথসমূহৰ ক’ৰবাত এক ফুট আৰু আন ক’ৰবাত ২/৩ ফুট। এলাইনমেণ্ট নিমিলোৱাকৈ যধেমধে ড্ৰেইনবোৰ নিৰ্মাণ সম্পূৰ্ণ কৰাৰ বাবে বহু অঞ্চলত পথৰ ওপৰেদি বৰষুণৰ পানী বাগৰে।

ৰাইজৰ অভিযোগ অনুসৰি নিৰ্মাণ কৰিবলগীয়া পথটোৰ মাজেদি গৈছে টেলিফোন বিভাগৰ তাঁৰ, জন স্বাস্থ্য কাৰিকৰী বিভাগৰ পানীৰ পাইপ, শক্তি বিভাগৰ খুঁটা আদি। এই তাঁৰ আৰু পাইপসমূহ স্থানান্তৰিত নকৰাকৈ চলাই যোৱা হৈছে পথ নিৰ্মাণৰ কাম। দূৰদৰ্শিতা আৰু কাৰিকৰী জ্ঞানৰ অভাৱৰ লগতে বিভাগৰ মাজত সমন্বয়ৰ অভাৱ পৰিলক্ষিত হৈছে।

তাৰে পৰিণতিত ৰাইজে জীয়াতু ভুগিব লাগিব লগতে ৰাজকোষৰ শ শ কোটি টকাৰ অপচয় হোৱাটো নিশ্চিত। পৰিবেশ সংৰক্ষণ আৰু চিৰ সেউজ অসম গঢ়াৰ সপোন বাস্তৱায়িত কৰাৰ সংকল্প লোৱা সৰ্বানন্দ সোণোৱাল চৰকাৰখনে নৈ পাৰত থকা শ শ বছৰ পুৰণি ইতিহাসৰ সাক্ষী হৈ ৰোৱা গছ কটাৰ ক্ষেত্ৰত ন্যূনতম সৌজন্যতাও প্ৰদৰ্শন নকৰিলে।

নদীৰ পাৰৰ গছবোৰ কটাৰ পৰিৱৰ্তে নকটাকৈ ডিভাইডাৰ হিচাপে ৰাখিব পাৰিলহেঁতেন। এই গছবোৰ কটাৰ অনুমতিৰ লোৱা হৈছিল নে নাই সেয়াও সন্দেহাতীত। বৰ্তমান পথছোৱাৰ মাজেদি যদি ডিভাইডাৰ ব্যৱস্থা নকৰে ৰাইজে সঘনাই দুৰ্ঘটনা হ'ব বুলি আশংকা কৰিছে।

আনহাতে অতি আচৰিত হ’বলগীয়া কথা যে প্ৰচণ্ড পুৰণি গছবোৰ কাটিলে কিন্তু সৰু সৰু গছ কিছুমান পথৰ মাজতে ৰাখিলে ফলত ভৱিষ্যতে দুৰ্ঘটনা হোৱাটো নিশ্চিত।গতিকে ৰাইজে আশা কৰিছে পথৰ ওপৰত থকা নলাবোৰ সমান হোৱাৰ লগতে বিজ্ঞানসন্মত হ’ব লাগে। বৈদ্যুতিক তাঁৰ, টেলিফোনৰ তাঁৰ, পানীৰ পাইপসমূহ পথ নিৰ্মাণৰ আগেয়ে স্থানান্তৰিত কৰি স্বচ্ছ আৰু সুপৰিকল্পিতভাৱে কাম আগবঢ়াবলৈ ৰাইজে দাবী উত্থাপন কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।