এখন ব্যতিক্ৰমী বিবাহঃ অভ্যাগতক একোটিকৈ গছপুলি প্ৰদান

 07/10/2019 - 13:11

বেবেজীয়াঃ এখন ব্যতিক্ৰমী বিবাহ। ৰাজ্যৰ চৌদিশে বন ধ্বংসৰ অঘোষিত প্ৰতিযোগিতাৰ মাজতে এখন বিবাহত এযোৰ দৰা কইনাৰ ব্যতিক্ৰমী প্ৰয়াস। বিবাহখনলৈ অহা প্ৰতি গৰাকী অভ্যাগতক যঁচা হৈছে একোটিকৈ গছপুলি। কাৰোবাক যদি দিয়া হৈছে চন্দন গছৰ পুলি, কোনোবাই উপহাৰ হিচাপে পাইছে অৰ্জুন গছৰ পুলি।

মুঠতে বিবাহ অনুষ্ঠানলৈ অহা অভ্যাগতই ঘৰলৈ লৈ গৈছে একোটিকৈ গছপুলি। এই দৃশ্য নগাঁৱৰ বিৰহ বেবেজীয়াৰ এক বিবাহ অনুষ্ঠানৰ। বিয়াত দৰা-কইনাক আৰ্শীবাদ দিবলৈ অহা প্ৰতিগৰাকী লোককে গছপুলি উপহাৰ হিচাপে দিছে দৰা জিতুল দাসে। ইপিনে এই বিবাহ অনুষ্ঠানত প্ৰাক্তন বনমন্ত্ৰী ৰকিবুল হুছেইনো উপস্থিত হৈ দৰা-কইনাৰ পৰা গ্ৰহণ কৰিলে এটি গছপুলি।

প্ৰকৃতি সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি নগাঁও জিলাৰ বেবেজীয়াৰ উদ্যমী যুৱক জিতুল দাস আৰু পিংকি দাসৰ বিবাহ অনুষ্ঠানত নিমন্ত্ৰিত অতিথিসকলক এনেদৰে গছপুলি প্ৰদান কৰা দৃশ্যই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়। বিৰহ বেবেজীয়াৰ সচেতন যুৱক জিতুল দাসে লোৱা এই ব্যতিক্ৰমী পদক্ষেপক প্ৰশংসা কৰিছে বিবাহ অনুষ্ঠানত উপস্থিত থকা সকলোৱে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.