দৰঙত অনাময় আঁচনিত কেলেংকাৰীৰ অভিযোগ

 07/10/2019 - 13:30

মঙলদৈঃ ৰাজ্য চৰকাৰে দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য সহনশীলতাৰ কথা কৈ থকাৰ সময়তে দৰঙত অনাময় আঁচনিত ব্যাপক কেলেংকাৰী। একাংশ বিষয়া কৰ্মচাৰীৰ সৈতে মিলি বিভিন্ন NGO ৰ নাম লৈ ঠিকাদাৰে চলাইছে লুণ্ঠন। দৰঙৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অন্তৰ্গত বিভিন্ন এলেকাত চলি থকা অনাময় আঁচনিৰ কাম কাজত ব্যাপক কেলেংকাৰীৰ ঘটনা পোহৰলৈ আহিছে।

পূব মঙলদৈৰ মাজগাঁৱত খৰ্গেই কলিতা নামৰ এগৰাকী মহিলাৰ নামত অহা এটা লেট্ৰিন কুলেন কলিতা নামৰ আন এজনে লাভ কৰে। যাৰ ফলত পোহৰলৈ আহে সকলো তথ্য। কেঁচু খান্দোতে সাপ ওলোৱাৰ দৰে মাজগাঁৱত এটা এটাকৈ বহু কেইটা কেলেংকাৰীৰ তথ্য পোহৰলৈ আহে।

Young NGO ৰ ছিদ্দিক আহমেদ নামৰ এগৰাকী লোকে পূব মঙলদৈ ৰ বিভিন্ন এলেকাত অনাময় আঁচনিৰ নামত ব্যাপক খেলিমেলি কৰাৰ অভিযোগ মাজগাঁওবাসী ৰাইজৰ। এটা লেট্ৰিন বনোৱাৰ নামত দিয়ে দুবস্তা চিমেণ্ট আৰু ১৫০ টা ইটা। আনৰ লেট্ৰিনৰ সন্মুখত অন্য হিতাধিকাৰীক থিয় কৰাই ফটো উঠোৱাৰো অভিযোগ উঠিছে। ইফালে তথ্য দিবলৈ অপাৰগ মঙলদৈ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অভিযন্তা জয়ন্ত কুমাৰ মেধীয়ে এইক্ষেত্ৰত গা এৰা মন্তব্য দিয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।