ডিজিটেল ডেস্কঃ প্ৰবল বৃষ্টিপাতৰ ফলত মহানগৰীৰ বিভিন্ন স্থানত সংঘটিত হৈছে ভযংকৰ ভূমিস্খলন। ধাৰাসাৰ বৰষুণৰ ফলত মহানগৰীৰ যোৰাবাট, গড়চুক আৰু দীপৰ বিলৰ সমীপত ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে। গড়চুকত ভয়ংকৰ ভূমিস্খলনত আবদ্ধ হৈ মৃত্যুমুখত পৰে নাৰায়ন শ্বাহ নামৰ এজন ব্যক্তি। নিজৰ বাসগৃহৰ ওপৰত পাহাৰৰ প্ৰকাণ্ড শিল খহি আবদ্ধ হৈ পৰিছিল লোকজন।
গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত লোকজনক জিএমচিএইচত ভৰ্তি কৰোৱা হৈছিল যদিও অৱশেষত হাস্পতালতে শেষ নিশাস ত্যাগ কৰে। তদুপৰি যোৰাবাটত ভূমিস্খলনৰ ফলত নৱৰ্নিমিত হোটেলৰ ওপৰত খহি পৰিল পকী বেৰ। ফলত হেমেশ্বৰ বৰা নামৰ ৬০ বছৰীয়া লোকজন দেৱালৰ তলত আবদ্ধ হৈ পৰে।
নিজৰ হোটেলত কাম কৰি থকা অৱস্থাত সংঘটিত হয় এই ঘটনা। সংকটজনক অৱস্থাত আহত লোকজনক জিএমচিএইচলৈ প্ৰেৰণ কৰা হয়। ইফালে নেৰানেপেৰা বৰষুণৰ ফলত দীপৰ বিলতো ভূমিস্খলনৰ ঘটনা সংঘটিত হয়। ঘৰৰ ওপৰত প্ৰকাণ্ড শিল খহি পৰাৰ ফলত গুৰুতৰভাৱে আহত হয় ৰ্নিমল দাস নামৰ লোকজন।