নলবাৰীৰ এটা বিধ্বস্ত পথে জ্বলা-কলা খুৱাইছে ৰাইজক

 07/10/2019 - 13:56

নলবাৰীঃ বছৰ বছৰ ধৰি পানীত ডুবি থকা এটি পথ। কি বাৰিষা কি খৰালি সকলো সময়তে থাকে ডুবি পানীত। যাতায়তৰ নামত নৰক যন্ত্ৰণা ভুগিব লগা হৈছে সাধাৰণ পথচাৰী। উন্নয়নৰ শ্লোগান গোৱা চৰকাৰখনৰ সুদৃষ্টি নপৰা এই পথটো হ’ল নলবাৰীৰ পৰা কৈঠালকুচিলৈ যোৱা পথ।

বালিকৰিয়াৰ লগতে কাজিপাৰা, মালিপাৰা অঞ্চলৰ ৰাইজৰ লগতে ছাত্ৰ-ছাত্ৰীয়ে দৈনন্দিন এই পথটোৰে এইদৰে নৰক যন্ত্ৰণা ভুগি আহ-যাহ কৰি আছে। স্থানীয় বিধায়ক অশোক শৰ্মাৰো দৃষ্টি নপৰে এই পথটোত। আজি ক্ষোভিত ৰাইজে পথ অৱৰোধ কৰি সাব্যস্ত কৰিলে প্ৰতিবাদ।

নলবাৰী গেৰুৱা হ’ল ঠিকেই পিছে পথটোহে পৰিবৰ্তন নহ'ল বুলি ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে। প্ৰতিবাদী ৰাইজে অচিৰেই পথটো নিৰ্মাণৰ দাবী জনাইছে বিভাগীয় কৰ্তৃপক্ষক।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।