নীপকো জলবিদ্যুৎ প্ৰকল্পই এৰিছে পানী

 07/10/2019 - 14:15

ডিজিটেল ডেস্কঃ সমগ্ৰ অসমতে ত্ৰাসৰ সৃষ্টি কৰিছে বানপানীয়ে৷ নীপকো জলবিদ্যুৎ প্ৰকল্পই নিশাৰ ভাগত পানীয়ে বিপদ সীমা অতিক্ৰম কৰাত ৰঙানদী ৪নং গেটেৰে এৰিছে পানী৷ ফলত উত্তৰ অসমত ভয়াবহ ৰূপ ধাৰণ কৰিছে৷ বিশেষকৈ লখিমপুৰত অধিক কালৰূপ ধাৰণ কৰিছে বানে৷ বিনষ্ট হৈছে যথেষ্ট সংখ্যক কৃষি৷

নৈ পৰীয়া গাঁওসমূহ পানীত বুৰ যোৱাৰৱ ফলত জলবন্দী হৈ পৰিছে বহুসংখ্যক লোক৷ আশ্ৰয়ৰ বাবে হাহাকাৰ কৰিছে বানাক্ৰান্ত ৰাইজে৷ বৰ্তমানলৈকে প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।