অপেক্ষাৰ অন্ত: বিজেপিয়ে ঘোষণা কৰিলে প্ৰাৰ্থী তালিকা

 03/22/2019 - 12:43

ডিজিটেল ডেস্ক: বহু প্ৰতীক্ষাৰ অন্ত। অৱশেষত বিজেপিয়ে লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰিলে। এই তালিকাত নাম নাথাকিল বহুকেইজন দক্ষ আৰু সক্ৰিয় ৰাজনীতিকৰ। বিজেপিয়ে বৃহস্পতিবাৰে প্ৰকাশ কৰা প্ৰথম প্ৰাৰ্থী তালিকাত ১৮৪জন প্ৰাৰ্থীৰ নাম ঘোষণা কৰে। 

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব উত্তৰ প্ৰদেশৰ বাৰানসীৰ পৰা। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে প্ৰতিদ্বন্দ্বিতা কৰিব গুজৰাটৰ গান্ধী নগৰৰ পৰা আৰু উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ পৰা প্ৰতিদ্বন্দ্বিতাত নামিব বৰ্তমান কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিঙ।

মহাৰাষ্ট্ৰৰ ১৬ খন লোকসভাৰ আসনৰ বাবে ঘোষণা কৰা হয় প্ৰাৰ্থীৰ তালিকা।আন্দামান নিকোবৰ দীপপুঞ্জৰ এখন আসনৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰা হয়। ইফালে, অসমৰ ৮ টা লোকসভা সমষ্টিৰ বাবে ঘোষণা কৰা হয় প্ৰাৰ্থীৰ তালিকা। ইয়াৰ উপৰি, উত্তৰ প্ৰদেশৰ মুঠ ২৮ খন আসনৰ বাবেও ঘোষণা কৰা হয় প্ৰাৰ্থীৰ তালিকা।

 উল্লেখ্য যে, অমিত শ্বাহে প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া সমষ্টিটোৰ পৰা পূৰ্বতে বিজেপিৰ দক্ষ নেতা লালকৃষ্ণ আদৱানিয়ে প্ৰতিদ্বন্দ্বিতা কৰিছিল। কিন্ত্ত তাৎপৰ্যপূৰ্ণভাৱে এইবাৰ তেওঁক প্ৰতিদ্বন্দ্বিতাৰপৰা বঞ্চিত কৰা হ'ল। এতিয়া দ্বিতীয়খন তালিকাত কাৰ কাৰ নাম অন্তৰ্ভুক্ত হ'ব ই লক্ষ্যণীয় হ'ব। 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।