বিধ্বস্ত কাঠৰ দলংঃ শীঘ্ৰেই পকীকৰণৰ দাবী স্থানীয় ৰাইজৰ

 07/10/2019 - 14:55

বিজনীঃ বিটিএডিৰৰ চিৰাং জিলাৰ বিজনীৰ ২ নং ভালাতলৰ দুলনী নৈৰ ওপৰত থকা বিধ্বস্ত কাঠৰ দলঙে জ্বলাকলা খুৱাইছে ৰাইজক। বিজনী-মংগোলিয়ান গড়কাপ্টানি পথৰ দুলানী নৈৰ ওপৰত থকা এই কাঠৰ দলংখনেৰে মৰণত শৰণ দি ৫০ খনতকৈও অধিক গাঁৱৰ ৰাইজে যাতায়াত কৰে। দলংখন পকীকৰণৰ দাবীত বুধবাৰে একাংশ স্থানীয় ৰাইজে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।

উল্লেখ্য দলংখনৰ পৰা ইতিপূৰ্বে নৈখনৰ পানীত পৰি একাধিক পথচাৰীৰ মৃত্যু হৈছে। ৩৩ নং বিজনী বিধান সভা সমষ্টিৰ পৰা একেৰাহে ৩য় বাৰলৈ বিজয়ী হোৱা বিপিএফৰ বিধায়ক কমলসিং নাৰ্জাৰীয়ে দলংখন পকীকৰণৰ ক্ষেত্ৰত কোনো পদক্ষেপ গ্ৰহণ নকৰাত ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।