বৰষুণৰ কোপদৃষ্টিঃ আজি পুনৰ অনুষ্ঠিত হ’ব বিশ্বকাপ ক্ৰিকেটৰ ছেমি ফাইনেলৰ বাকী থকা অংশ

 07/10/2019 - 15:02

ডিজিটেল ডেস্কঃ বিশ্বকাপ ক্ৰিকেটৰ ছেমি ফাইনেলত বৰষু্‌ণে দিলে বিধি পথালি। মঙলবাৰে অনুষ্ঠিত হোৱা বিশ্বকাপ ২০১৯ৰ ভাৰত-নিউজিলেণ্ডৰ প্ৰথম ছেমি ফাইনেল মেচখন বৰষুণৰ বাবে স্থগিত ৰখা হয়। বৰষুণ অহাৰ পূৰ্বে নিউজিলেণ্ডে ২১১ ৰান সংগ্ৰহ কৰিছিল ৪৬.১ অভাৰত। আজি বিয়লি ৩ বজাত অনুষ্ঠিত হ’ব খেলখনৰ বাকী থকা অংশ।

মঙলবাৰে বাকী ৰৈ যোৱা অভাৰৰ পৰা আৰম্ভ হ’ব মেচখন। ৫ উইকেটৰ বিনিময়ত মঙলবাৰে ২১১ ৰান সংগ্ৰহ কৰিছিল নিউজিলেণ্ডে। বৰষুণ কিছু পৰিমাণে এৰাৰ বাবে ক্ৰীজত পুনৰ নামিছিল ৰ’জ টেইলৰ আৰু ট’ম লেথাম। ভূৱনেশ্বৰ কুমাৰে পুনৰ আৰম্ভ কৰিছিল বলিং। কিন্তু তাৰ পিছতে আকৌ আহে বৰষুণ।আজি বৰষুণে যাতে ছেমি ফাইনেল মেচখনত কোনো প্ৰকাৰে বাধা সৃষ্টি কৰিব নোৱাৰে তাৰবাবে প্ৰাৰ্থনা কৰি আছে ক্ৰিকেট অনুৰাগীয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।