দক্ষিণ শালমাৰা বিহু সন্মিলনীৰ স্মৃতিগ্ৰন্থ ‘ব’হাগী’ উন্মোচন

 07/10/2019 - 15:13

মানকাচৰঃ দক্ষিণ শালমাৰা মানকাচৰ জিলা বিহু সন্মিলনীয়ে ৰঙালী বিহু ২০১৯ উপলক্ষে প্ৰকাশ কৰি উলিওৱা স্মৃতিগ্ৰন্থ ‘ব’হাগী’খন বহু প্ৰতীক্ষাৰ অন্তত আজি জিলা উপায়ুক্তৰ কাৰ্যালয়ত উপায়ুক্ত আতিকা চুলতানাই শুভ উন্মোচন কৰে।

এই অনুষ্ঠানত অতিৰিক্ত উপায়ুক্ত ইনামুল হুছেইন, হাটশিঙিমাৰী কলেজৰ উপাধ্যক্ষ তথা বিহু সন্মিলনীৰ কাৰ্যকৰী সভাপতি জহিৰুল ইছলাম, জনতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মোবাৰক হুছেইন, জলসিঞ্চন বিভাগৰ কাৰ্যবাহী অভিযন্তা মৃগেন্দ্ৰ ভাগৱতীদেৱৰ লগতে বিহু সন্মিলনীৰ অন্যান্য বিষয়ববীয়া তথা স্থানীয় সাহিত্যানুৰাগী ব্যক্তিসকলে অংশগ্ৰহণ কৰি অনুষ্ঠানটি সাফল্যমণ্ডিত কৰাত সহায় কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।