কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বাঢ়নী পানী

 07/10/2019 - 15:17

ডিজিটেল ডেস্কঃ বিশ্ব ঐতিহ্য কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বাঢ়নী পানীয়ে ত্ৰাসৰ সৃষ্টি কৰিছে। উদ্যানখনত জীৱ-জন্তৰ বাবে সংকট নামি আহিছে। ইতিমধ্য বন বিভাগ পূৰ্ণ গতিত সাজু হৈ পৰিছে। বনকৰ্মীসকলে নাঁৱৰে অহা যোৱা ব্যৱস্থা কৰিছে আৰু বণ্যপ্ৰাণীৰ সুৰক্ষাৰ ক্ষেত্ৰতো বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে।

কাজিৰঙাৰ দাঁতিকাষৰীয়া অঞ্চলত সজাগতা সভাৰ আয়োজন কৰিছে আৰু বিশেষভাৱে দাঁতিকাষৰীয়া অঞ্চলৰ লোকসকলক বনবিভাগে আহ্বান জনাইছে যে কোনো বন্যপ্ৰাণী সংকটত পৰিলে তাৎক্ষণিকভাৱে বনবিভাগক জনাবলৈ অনুৰোধ জনাইছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।