গহপুৰত বন্যহস্তীৰ মুক্ত বিচৰণঃ ৰাইজৰ অনিষ্ট সাধন

 07/10/2019 - 15:19

গহপুৰঃ বিগত দুমাহ ধৰি গহপুৰত সন্ত্ৰাস অব্যাহত ৰাখিছে এটা বন্যহস্তীয়ে। দৃষ্টিশক্তিহীন বন্যহস্তীটোৱে জনাঞ্চলত প্ৰৱেশ কৰি মুক্তভাবে বিচৰণ কৰি থকাৰ ফলত ভীতিগ্ৰস্ত হৈ পৰিছে গহপুৰৰ দক্ষিনাঞ্চলৰ বহু গাঁৱৰ লোক। বিগত দুমাহত বন্যহস্তীটোৱে ক্ৰমান্বয়ে গহপুৰৰ দক্ষিনাঞ্চলৰ লোহিতমুখ, ৰাওনামুখ, বাকৰিদলনি, ৰাঙলিয়াল, চত্ৰং আদি পঞ্চায়তত বিচৰণ কৰি ঘৰ-বাৰী, গছ-গছনি বিধ্বস্ত কৰাৰ লগতে খেতি পথাৰৰো অনিষ্ট সাধন কৰিছে।

গহপুৰৰ বনবিভাগে বাৰম্বাৰ চেষ্টা চলইয়ো হাতীটোক বনাঞ্চললৈ খেদি পঠাবলৈ সক্ষম নোহোৱাৰ ফলত বিনিদ্ৰ ৰজনি কটাব লগা হৈছে বহু অঞ্চলৰ ৰাইজে। বুধবাৰে পুৱাৰে পৰা বন্যহস্তীটোৱে বাকৰিদলনি আৰু ৰাঙলীয়াল গাঁও পঞ্চায়তৰ বিলতীয়া, আখৈফুটা, কাৱৈমাৰী অঞ্চলত সন্ত্ৰাস চলোৱাৰ পাছত বৰ্তমান বাকৰি আৰু ডাঠকল অঞ্চলৰ দিশে গতি কৰিছে। বন্যহস্তীটো খেদাৰ বাবে বন বিভাগে ব্যৱস্থা গ্ৰহণ কৰিছে যদিও কোনো ধৰণৰ কৃতকাৰ্যতা লাভ কৰিবলৈ সক্ষম হোৱা নাই৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।