ঢকুৱাখনাৰ বিভিন্ন অঞ্চলত বানৰ বিভীষিকা

 07/10/2019 - 15:34

ঢকুৱাখনাঃ ৰাজ্যৰ আন আন ঠাইৰ লগতে ঢকুৱাখনা-কঢ়া বলাহী আৰু ধেমাজি ঢকুৱাখনা সীমান্ত বৰদৈ অঞ্চলতো কালিৰে পৰা নদী সমূহত পানী ফেনে ফোটোকাৰে বাঢ়িবলৈ আৰম্ভ কৰিছে। ফলত বৰদৈ, নপাম কৈৱৰ্ত গাঁও আৰু ঘিলামৰা ছামপৰা আদি বহু কেইখন গাঁৱৰ যাতায়তত অসুবিধাৰ সৃষ্টি হৈছে।

আনফালে ঘিলামৰা বলাহী অঞ্চলতো কঢ়া বলাহী নদীয়ে বিভীষিকা সৃষ্টি কৰিছে। ফলত পানীৰ তলত ডুব যায় বহু খেতি পথাৰ। শতাধিক গৃহত পানী সোমোৱাৰ লগতে পশুধনৰ বাবে খাদ্যৰ নাটনি হোৱা পৰিলক্ষিত হৈছে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।