লক্ষীপুৰত গোৱালপাৰা জিলা প্ৰাথমিক শিক্ষক সন্মিলনীৰ ৪২ সংখ্যক দ্বি-বাৰ্ষিক অধিবেশনৰ সামৰণি

 07/10/2019 - 15:49

লক্ষীপুৰ: গোৱালপাৰা জিলাৰ লক্ষীপুৰ প্ৰাথমিক বিদ্যালয় প্ৰাঙ্গণত অলপতে অনুষ্ঠিত হৈ যায় গোৱালপাৰা জিলা প্ৰাথমিক শিক্ষক সন্মিলনীৰ ৪২ সংখ্যক দ্বি-বাৰ্ষিক অধিৱেশন। জানিব পৰা মতে জিলা প্ৰাথমিক শিক্ষক সন্মিলনী উপলক্ষে মঙ্গলবাৰে পুৱা ৯ বজাত পতাকা উত্তোলন কৰে গোৱালপাৰা জিলা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি আনচাৰুল ইচলামে। ১১ বজাৰ পৰা আৰম্ভ হয় বৰ্তমান প্ৰাথমিক শিক্ষা ব্যৱস্থাত শিক্ষক, সমাজ আৰু চৰকাৰৰ ভূমিকা কি হোৱা উচিত সন্দৰ্ভত আলোচনা চক্ৰ।

অৱসৰপ্ৰাপ্ত অধ্যাপিকা ডঃ মীৰা দেৱীৰ সঞ্চালনত অনুষ্ঠিত আলোচনা চক্ৰত ভাগ লৈ বিষয়বস্তুৰ ওপৰত ভাষণ আগবঢ়ায় অধ্যাপিকা কান্তা চক্ৰৱৰ্ত্তী, অৱসৰপ্ৰাপ্ত শিক্ষক অনল চক্ৰবৰ্ত্তী, মুখ্য আলোচক গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ডঃ উপেন ৰাভা হাকাচাম আদিয়ে। ডঃ উপেন ৰাভা হাকাচামে ভাষণ প্ৰসংগত কয় যে শিক্ষক আৰু অভিভাৱকে শিশুৰ মনস্তাত্বিক দিশ নিৰীক্ষণ কৰি ভৱিষ্যতে উচ্চশিক্ষাৰ দিশ নিৰ্ণয় কৰিব লাগে। তেওঁ লগতে কয় যে চৰকাৰে শিক্ষকসকলক বিভিন্ন কামত জড়িত কৰাত শিক্ষাৰ মানদণ্ড নিম্নগামী হৈছে।

তাৰ ফলত ব্যক্তিগত বিদ্যালয়সমূহ দিনকদিনে বৃদ্ধি পাইছে। সম্পূৰ্ণ ঘৰুৱা আৰু আনন্দদায়ক পৰিৱেশত তেওঁ নামনি অসমৰ ভাষা সাহিত্য আৰু নতুন শিক্ষা নীতিৰ বিষয়ে আলোচনা কৰি সমাজ গঢ়াত শিক্ষকসকলৰ দায়িত্ব অপৰিসীম বুলি কয়। অধ্যাপিকা ডঃ মীৰা দেৱীযে টেট শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণ আৰু অন্যান্য অসুবিধা সমূহ দূৰ কৰাৰ বাবে চৰকাৰৰ দৃষ্টিগোচৰ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।