নতুন দিল্লীঃ লোকসভা নিৰ্বাচন, ২০১৯ত বিজেপিয়ে দলৰ অভিজ্ঞ আৰু জ্যেষ্ঠ নেতাসকলক কিয় এৰাই চলিছে তাকে লৈ ৰাজনৈতিক মহলত উত্থাপিত হৈছে বিভিন্ন প্ৰশ্ন। নিৰ্বাচনৰ প্ৰাকক্ষণত বৃহস্পতিবাৰে ঘোষণা কৰা বিজেপিৰ প্ৰথমখন চূড়ান্ত প্ৰাৰ্থী তালিকাত নাম নাই দলৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতাৰ। বিজেপিৰ অতি প্ৰভাৱশালী জ্যেষ্ঠ নেতা, প্ৰাক্তন উপ-প্ৰধানমন্ত্ৰী, লৌহপুৰুষখ্যাত লালকৃষ্ণ আদৱানীৰ নাম এইবাৰৰ বিজেপিৰ প্ৰাৰ্থী তালিকাত নাই। এই কথাক লৈ সৰ্বত্ৰে যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
১৯৯৮ চনৰ পৰাই গুজৰাটৰ গান্ধীনগৰ সমষ্টিৰ পৰা একেৰাহে জয়ী হৈ অহা ৯০ বৰ্ষীয় আদৱানীক বিজেপিৰ প্ৰাৰ্থিত্ব প্ৰদানৰ পৰা এইবাৰ আঁতৰাই ৰাখিছে দলীয় নেতৃত্বই। লালকৃষ্ণ আদৱানীৰ দুৰ্গস্বৰূপ এই সমষ্টিটোৰ পৰা এইবাৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব দলটোৰ ৰাষ্ট্ৰীয় অধ্যক্ষ অমিত শ্বাহে। উত্তৰাখণ্ডৰ দুবাৰলৈ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হোৱা বিজেপিৰ জ্যেষ্ঠ নেতা ভূৱন চন্দ্ৰ খণ্ডুৰীৰ নামো বিজেপিৰ প্ৰথমখন প্ৰাৰ্থী তালিকাত প্ৰকাশ পোৱা নাই। ২০০৭-০৯ চন আৰু ২০১১-১২ চনত দুবাৰকৈ মুখ্যমন্ত্ৰীৰ দায়িত্ব হাতত লোৱা বিচি খণ্ডুৰী বিজেপিৰ এগৰাকী একনিষ্ঠ সেৱক বুলি সৰ্বপৰিচিত। তেনেস্থলত এই জ্যেষ্ঠ নেতাগৰাকীক বিজেপিৰ পৰা কিয় আঁতৰাই ৰখা হৈছে, তাক লৈ প্ৰশ্নৰ উত্থাপন হৈছে।
লগতে বিজেপিয়ে পুৰণি আৰু দিগ্বজ সকলক আঁতৰাই ৰাখি নতুন কায়দাৰে দলটো পৰিচালনা কৰিব বিচাৰিছে বুলিও চৰ্চা চলিছে। লোকসভা নিৰ্বাচন সন্দৰ্ভত বিজেপিয়ে প্ৰকাশ কৰা প্ৰথমখন প্ৰাৰ্থী তালিকাত নাম নাহিল আন এগৰাকী জ্যেষ্ঠ নেতাৰ। অৱশ্যে তেওঁৰ সমষ্টিটোৰ প্ৰাৰ্থীৰ নাম এতিয়াও ঘোষণা কৰা হোৱা নাই। সেয়ে এইগৰাকী জ্যেষ্ঠ নেতাই প্ৰাৰ্থিত্ব লাভ কৰাৰ এতিয়াও অলপ হ’লেও অৱকাশ আছে। বিজেপিৰ জ্যেষ্ঠ নেতা মুৰুলী মনোহৰ যোশীয়ে ২০১৪ চনত কানপুৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি বিজয় লাভ কৰিছিল। কিন্তু বিজেপিৰ প্ৰথমখন প্ৰাৰ্থী তালিকাত কানপুৰ সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰা নাই নেতৃত্বই। সেয়ে এতিয়াও যোশীৰ প্ৰাৰ্থিত্ব পোৱা নোপোৱাৰ মাজত ওলমি ৰৈছে।
লোকসভা ২০১৯ৰ নিৰ্বাচনৰ পৰা বিজেপিৰ নেতৃত্বই কলৰাজ মিশ্ব আৰু ভগত সিং কোশিয়াৰৰ দৰে দলৰ শীৰ্ষ নেতাকো আঁতৰাই ৰখাৰ সিদ্ধান্ত লৈছে। তাৰ বিপৰীতে দলটোৱে এইবাৰ কেইবাখনো নতুন মুখক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। উল্লেখ্য যে, বিজেপিৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতাই নৰেন্দ্ৰ মোডী আৰু অমিত শ্বাহৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি এই দুই নেতাই বিজেপিৰ প্ৰকৃত নীতি আদৰ্শক পাহৰি নিজৰ ধৰণেৰে দলটো পৰিচালনা কৰাৰ অভিযোগ উত্থাপন কৰি আহিছে।
তাৰ ভিতৰত অন্যতম এসময়ত কেন্দ্ৰীয় বিত্ত মন্ত্ৰীৰ দৰে দায়িত্বত থকা বিজেপিৰ জ্যেষ্ঠ নেতা যশৱন্ত সিং। বিজেপিৰ বৰ্তমানৰ নেতৃত্বই দলৰ স্বাৰ্থ পাহৰি নিজৰ স্বাৰ্থত দলটোক ব্যৱহাৰ কৰা বুলি দাবী কৰিছিল সিঙে। আৰু তাৰ বাবেই বিজেপিয়ে জ্যেষ্ঠ নেতাসকলক দলৰ পৰা আঁতৰাই ৰখাৰ চেষ্টা চলাই আহিছে বুলি অভিযোগ কৰিছিল বিজেপিৰ প্ৰাক্তন জ্যেষ্ঠ নেতাগৰাকীয়ে। ইফালে, লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ শীৰ্ষ নেতৃত্বই এনেদৰে জ্যেষ্ঠ নেতাসকলক প্ৰাৰ্থিত্ব প্ৰদান নকৰাটোৱেও তাকে বুজায় বুলি বিভিন্ন জনে মন্তব্য কৰিছে।