ধূলাত অপহৃত কিশোৰীক নগাঁৱত উদ্ধাৰঃ অপহৰণকাৰীক জেললৈ প্ৰেৰণ 

 07/10/2019 - 16:07

খাৰুপেটিয়াঃ বিগত কেইবছৰ ধৰি দৰঙৰ ধুলা, খাৰুপেটিয়া, দলগাও, শ্যামপুৰ আদি অঞ্চলসমুহত অপহৰণ কাণ্ডই দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে। বিভিন্ন দল সংগঠনৰ লগতে প্ৰশাসনেও প্ৰতিৰোধ কৰাৰ চেষ্টা কৰিছে যদিও সুফল লাভ কৰিব পৰা নাই কোনেও । জানিব পৰা মতে যোৱা মঙলবাৰে জিলাখনৰ ধুলা থানাৰ অন্তৰ্গত  পানীয়াখাট গাঁৱৰ আব্দুল ওৱাহেদ আলীৰ ১৬ বছৰীয়া কিশোৰীক বলোগড়া গাঁৱৰ কিতাপ আলীয়ে বলপূৰ্বকভাৱে  অপহৰণ কৰি  অজ্ঞাত ঠাইত আত্মগোপন কৰি ৰাখে।

ঘটনা সংক্ৰান্তত কিশোৰী গৰাকীৰ ককায়েক ছামিৰুল ইছলামে বলোগড়া গাঁৱৰ কিতাপ আলী আৰু আটাকাটা চাপৰিৰ আচমিনা বেগমৰ বিৰুদ্ধে ধুলা আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে। সেই এজাহাৰৰ ভিত্তিত ধুলা আৰক্ষীয়ে কিশোৰী গৰাকীক উদ্ধাৰৰ বাবে অঞ্চলজুৰি তীক্ষ্ণ নজৰ ৰাখে যদিও অপহৰণকাৰীৰ দলটোৱে  কিশোৰীগৰাকীক নগাঁও জিলাৰ দুমদমীয়া নামৰ ঠাইত আৱদ্ধ কৰি ৰখা বুলি এক গোপন সুত্ৰে গম পায়। খবৰ পোৱাৰ লগে লগে ধুলা আৰক্ষী থানাৰ উপ-পৰিদৰ্শক(প্ৰ:)ডান্টেজিৎ দেউৰীৰ নেতৃত্বত মহিলা কনিস্তবল পপী ডেকাৰ লগতে  3rd APTF ৰ সজাতি দল এটাই নগাঁও অভিমুখে ৰাওনা হয়।

কিনকিনিয়া বৰষুণৰ মাজতে দুখনকৈ নদী পাৰ হৈ নিশা প্ৰায় ২ বজাত  নগাঁও জিলাৰ ধিং থানাৰ অন্তৰ্গত দুমদমীয়া চাপৰীত গৈ উপস্থিত হয় ধুলা আৰক্ষীৰ দলটোৱে। হাতত দা, কুঠাৰেৰে আৰক্ষীক ভেটিবলৈ আগৰ পৰাই দুৰ্বৃত্তৰ দল এটাই সাজু হৈ থকাত দলটোৰ লগত আৰক্ষীৰ মুখামুখি হয় যদিও পিচত ছত্ৰভংগ হৈ এন্ধাৰৰ সুযোগত পলাই পত্ৰং দিয়ে দুৰ্বৃত্তৰ দলটোৱে। বিভিন্ন কৌশল অৱলম্বন কৰি অদ্ভুত সাহসিকতাৰে মূল অপহৰণ কাৰী কিতাপ আলীক আটক কৰাৰ লগতে কিশোৰীগৰাকীক  উদ্ধাৰ কৰিবলৈ সক্ষম হয় ধূলা আৰক্ষী। 

ধূলা আৰক্ষী থানাৰ গোচৰ নম্বৰ ৩৩৮/১৯ ৰ ভাৰতীয় দণ্ড বিধি ৩৬৬ A আইনৰ অধীনত গোচৰ ৰুজু কৰি অপহৰণকাৰী কিতাপ আলীক মঙলদৈ জেল হাজতলৈ প্ৰেৰণ কৰে। অদম্য মনোবল আৰু সাহসিকতাৰ বলত এগৰাকী কিশোৰীক অপহৰণকাৰী কবলৰ পৰা উদ্ধাৰ কৰাৰ বাবে পৰিয়ালৰ লগতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক খইবৰ মণ্ডল আৰু সাংগঠনিক সম্পাদক ছফিকুল ইছলামে উপ-পৰিদৰ্শক ডান্টেজিৎ দেউৰীৰ লগতে ধুলা আৰক্ষীক ধন্যবাদ জ্ঞাপন কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।