হাজোত বান বিভীষিকাঃ বৰ্ণি-বৰচলি সংযোগী কাঠৰ দলংখন উটুৱাই নিয়াৰ আশংকা

 07/10/2019 - 16:07

কামৰূপঃ হাজোত ভয়াবহ ৰূপ লৈছে বানে। পুঠিমাৰী নৈৰ বাঢ়নী পানীয়ে হাহাকাৰ অৱস্থা সৃষ্টি কৰিছে হাজোৰ নৈ পৰিয়া লোকৰ মাজত। ফেনে ফুটুকাৰে বাঢ়িছে পুঠিমাৰী নৈৰ পানী। পুঠিমাৰীৰ পানীয়ে বিপদ মাতিছে হাজোৰ বৃহত্তৰ দুটা অঞ্চল বৰ্ণি আৰু বৰচলি দুই অঞ্চলৰ লোকৰ বাবে। যি কোনো মুহূৰ্তত বৰ্ণি আৰু বৰচলি সংযোগী কাঠৰ দলংখন উটুৱাই নিয়াৰ সম্ভাবনা প্ৰকট হৈ পৰাত আতংকিত হৈ পৰিছে হাজোৰ দক্ষিণ পাৰ আৰু উত্তৰ পাৰ ৰাইজৰ মাজত।

দলংখনেৰে পাৰাপাৰ হোৱাৰ বাবে ইতিমধ্যে অনুপযোগী হৈ পৰিছে। দলংখনৰ এটা অংশ ইতিমধ্যে উটি যাও যাও অৱস্থা। আৰু কিছু নৈৰ পানীৰ সোঁত বৃদ্ধি হ’লেই দলংখন উটি যোৱাটো প্ৰায় নিশ্চিত। তাৰ পিছতে যোগাযোগ বিচ্ছিন্ন হৈ পৰিব দুই পাৰৰ ৰাইজৰ যাতায়ত।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।