বৰপেটাৰ বিভিন্ন অঞ্চলত বানৰ তাণ্ডৱ

 07/10/2019 - 16:35

কয়াকুছিঃ ৰাজ্যৰ উজনিৰ সমান্তৰালকৈ নামনিতো বানৰ তাণ্ডৱ। পল্লানদীৰ বাঢ়নী পানীয়ে ইতিমধ্যে ডুবাই পেলাইছে বৰপেটাৰ বহুকেইখন অঞ্চল। এয়া বৰপেটা জিলাৰ ভবানীপুৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত শুকমানাহ গাঁও পঞ্চায়তৰ অন্তৰ্গত শুকমানাহ গাঁৱৰ দৃশ্য। বিগত তিনি দিনৰ পৰা নেৰানেপেৰা বৰষুনৰ ফলত ফেনে ফুটুকাৰে বাঢ়ি আহা পল্লা নদীৰ বাঢ়নী পানীয়ে সম্পূৰ্ণৰূপে বুৰাই পেলাইছে গাঁওখন।

বিপদসংকুলভাবে কালজাৰ মাজগাঁও পথৰ ওপৰেদি বাগৰিছে পানী। ইতিমধ্যে বহুকেইখন বাসগৃহত প্ৰৱেশ কৰিছে পানী। একাংশৰ বিছনালৈকে উঠিছে পানী। কিন্ত ইয়াৰ পিছতো বানপীড়িতৰ খবৰ লবলৈ আহৰি পোৱা নাই কোনো জনপ্ৰতিনিধিয়ে। আনকি এতিয়ালৈকে জিলা প্ৰশাসনেই কোনো ব্যৱস্থা লোৱা নাই যাৰ বাবে হাহাকৰময় পৰিবেশে বিৰাজ কৰিছে সমগ্ৰ অঞ্চলজুৰি। যাৰ ফলত গৰজি উঠিছে বৰপেটা জিলা আমছুৰ লগতে শুকমানাহ আঞ্চলিক আমছু।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।