দুলীয়াজানৰ টিপলিংত মহিলাৰ দ্বাৰা পথ অৱৰোধ

 07/10/2019 - 16:51

দুলীয়াজানঃ পথ মেৰামতিৰ দাবীত ২৮ জুন তাৰিখ শুক্ৰবাৰে পুৱাই ৰাজপথলৈ নামিছিল দুলীয়াজানৰ টিপলিংৰ মহিলাসকল।

উল্লেখযোগ্য যে দুলীয়াজানৰ টিপলিংৰ বড়াগাধৈ নৱপুৰ গাঁৱৰ মাজেৰে অইলৰ অধীনস্থ হস্তশিল্প প্ৰশিক্ষণ আৰু উৎপাদন কেন্দ্ৰলৈ যোৱা মূল পথটো মেৰামতি কৰিবলৈ অইল ইণ্ডিয়াক দীৰ্ঘদিন ধৰি স্থানীয় ৰাইজে দাবী জনোৱাৰ পাছত যোৱা ২৮ জুন তাৰিখে পথ অৱৰোধ কাৰ্যসূচী হৈছিল আৰু সেইদিনাই অইলৰ শীৰ্ষ বিষয়াৰ উপস্থিতিত পথটোৰ মেৰামতিৰ প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ পিছতহে উত্তেজিত ৰাইজে পথ অৱৰোধ কায্যসূচী প্ৰত্যাহাৰ কৰে।

কিন্তু দূৰ্ভাগ্যজনক আজি পৰ্যন্ত একো নকৰাত পুনৰ ক্ষোভিত হৈ আজি পুৱাৰে পৰা পুনৰ পথ অৱৰোধ কৰে। পথ অৱৰোধৰ ফলত পুৱাৰে পৰা আৱদ্ধ হৈ পৰে কেন্দ্ৰটোলৈ অহা প্ৰশিক্ষক আৰু ছাত্র-ছাত্ৰীসকল।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।