পশ্চিম কাৰ্বি আংলঙত বানৰ সংহাৰী ৰূপ

 07/10/2019 - 16:53

হামৰেণঃ আজি কিছু দিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত পশ্চিম কাৰ্বি আংলং জিলাৰ ঘাই নদী ক্ৰমে কপিলী, বৰপানী আৰু কলঙাকে ধৰি সৰু-বৰ সকলো নদীৰ পানী বাঢ়িবলৈ ধৰিছে৷ বৰষুণৰ পানীয়ে জিলাখনৰ বিস্তৃত অঞ্চল বুৰাই পেলোৱাৰ লগতে কৃত্ৰিম বানেও জন-জীৱন ব্যাহত কৰিছে৷ যাৰ বাবে ডংকামোকাম-বৈঠালাংছ’ৰ যোগাযোগৰ ঘাইপথসমূহ আজি পুৱাৰে পৰা কিছু কিছু ঠাইত ব্যাহত হোৱাৰ লগতে জিলাখনৰ সাতগাঁও, ঘিলানী, বৰথল, ভেলাপাৰা আদি বিস্তৃত অঞ্চলৰ শ শ বিঘা খেতি-পথাৰ আৰু ঘৰ-বাৰী বুৰাই পেলাইছে৷

তদুপৰি কাৰ্বি লাংপি নৈৰ বাঢ়নী পানী বৃদ্ধি হোৱাৰ ফলত কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পৰ দুখন শ্লুইজ গেট ইতিমধ্যে খুলি দিয়া হৈছে৷ বৰ্তমান পানীৰ লেভেল বাঢ়ি থকাৰ বাবে গেট দুখন ক্ৰমে ৫০ আৰু ১০০ ছেণ্টিমিটাৰকৈ খুলি দিয়া হৈছে৷ পৰৱৰ্তী সময়ত কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পটোৰ পাঁচখনকৈ শ্লুইজ গেট খুলি দিয়াৰ সম্ভাৱনা আছে বুলি জনাইছে প্ৰকল্পৰ কৰ্তৃপক্ষই৷ ফলত বৈঠালাংছ’, শিঙিমাৰী, কঁচুৱাসহ আন কেইবাখনো গাঁও, বাট-পথ আৰু শ শ বিঘা খেতি-পথাৰ জলমগ্ন হোৱাৰ উপৰিও বানত ক্ষতিগ্ৰস্ত হোৱাৰ আশংকা কৰিছে। নদীৰ কাষৰীয়া ৰাইজক সষ্টম হৈ থাকিবলৈ আহ্বান জনাইছে জিলা আৰক্ষী প্ৰশাসনে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।