চামগুৰিত কিশোৰীৰ মৃতদেহ উদ্ধাৰ

 07/10/2019 - 17:04

চামগুৰিঃ চামগুৰিৰ লাওখোৱাত পুৱাতেই পোহৰলৈ অহা এক চাঞ্চ্যলকৰ ঘটনাক কেন্দ্ৰ কৰি সম্প্ৰতি সৃষ্টি হৈছে তীব্ৰ ৰহস্যৰ। লাওখোৱাৰ উত্তৰ বেলগুৰিত উদ্ধাৰ হৈছে ৰুমা মণ্ডল নামৰ এগৰাকী কিশোৰীৰ মৃতদেহ। ঘৰৰ সমীপতে থকা এটা দ' পুখুৰীৰ পানীত পুৱা স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে কিশোৰীগৰাকীৰ মৃতদেহটো। নিশা কোনো কাৰণত দুৰ্ভাগ্যক্ৰমে কিশোৰীগৰাকী পুখুৰীটোত পৰি সলিল সমাধি ঘটাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।

উত্তৰ বেলগুৰিৰ বায়েকৰ ঘৰত বিয়া খাবলৈ নিজ লাওখোৱাৰ পৰা ৰুমা মণ্ডল নামৰ কিশোৰীগৰাকী মঙ্গলবাৰে আহিছিল বুলি জানিবলৈ দিয়ে পৰিয়ালৰ লোকে। ইফালে ঘটনাস্থলিত আমবাগান আৰক্ষী চকীৰ লোক উপস্থিত হৈ ওপঙি থকা মৃতদেহটো উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰাৰ দিহা কৰে। অৱশ্যে পৰৱৰ্তী সময়ত আমবাগান আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব কিশোৰীগৰাকীৰ মৃত্যুৰ প্ৰকৃত ৰহস্য।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।