নগাঁৱৰ পণ্ডিতঘাটত সংঘটিত নাও দুৰ্ঘটনাত দুজন সন্ধানহীন

 07/10/2019 - 17:34

কামপুৰঃ নগাঁৱৰ কচুৱাৰ পণ্ডিতঘাটত কালি  সংঘটিত হোৱা নৌকা দুৰ্ঘটনাত নিখোঁজ হৈছে দুজন ব্যক্তি। জানিব পৰা মতে কৰ্মসূত্ৰে ডিমাপুৰত থকা জুৰিপাৰৰ এটা তেৰজনীয়া পৰিয়ালে ঘৰলৈ ওভতাৰ পথত এই দুৰ্ঘটনা সংঘটিত হয়। উল্লেখ্য যে বুধবাৰে এনআৰচিৰ হিয়েৰিং থকাৰ বাবে পৰিয়ালটো ঘৰলৈ আহিছিল। পৰিয়ালটোৱে পণ্ডিতঘাটেৰে বৰপানী নৈ পাৰ হৈ জুৰিপাৰৰ ঘৰলৈ আহি থাকোতে এই দুৰ্ঘটনাটো সংঘটিত হয়।

স্থানীয় লোকে এঘাৰ জন লোকক উদ্ধাৰ কৰে যদিও নিখোজ হয় চুফিয়া খাতুন (৩৫)আৰু ইয়াচমিনা খাতুন(৩)। দুয়ো বৰ্তমানেও নিখোঁজ হৈ আছে। ইফালে মঙলবাৰে বিয়লি সংঘটিত ঘটনাটোৰ ঘটনাস্থলিত বুধবাৰৰ পুৱা দহ বজালৈকে উদ্ধাৰকাৰী দল আৰু আৰক্ষী উপস্থিত নোহোৱাত স্থানীয়লোক ক্ষোভিত হৈ পৰিছিল যদিও বিয়লি বেলালৈ ডুবাৰু দল উপস্থিত হৈ অভিযান চলাইছে নিখোঁজ শিশু-মহিলা উদ্ধাৰ হোৱা নাই।

ইফালে ৰহা সমষ্টিৰ অন্তৰ্গত পণ্ডিতঘাট জুৰিপাৰ এলেকাত বৰপানী নৈৰ ওপৰত এখন দলং নিৰ্মাণৰ বাবে স্থানীয় বহু আবেদন নিবেদন কৰি আহিছে যদিও কানসাৰ নাই সমষ্টিটোৰ বিজেপি বিধায়ক ডিম্বেশ্বৰ দাসকে ধৰি বৰ্তমানৰ চৰকাৰখনে। যাৰ বাবে অঞ্চলটোত বহুকেইটা নাও দুৰ্ঘটনা সংঘটিত হোৱা বুলি ৰাইজে মন্তব্য কৰাৰ লগতে উক্ত ঠাইত এখন দলং নিৰ্মাণ কৰাৰ দাবী জনাইছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।