৯ দিন ধৰি স্বামীৰ সন্ধান নাইঃ ৰঙিয়াত স্বামীক বিচাৰি ন-কইনাৰ হাহাকাৰ

 07/10/2019 - 17:35

ৰঙিয়াঃ আজি ৯ দিন ধৰি এগৰাকী ন-কইনাই ৰঙিয়া চহৰত স্বামীক বিচাৰি হাহাকাৰ কৰি থকা দেখা গৈছে। প্ৰাপ্য তথ্য মতে চাৰি মাহ পূৰ্বে ৰঙিয়া বনগাঁৱৰ বিনন্দ কলিতাৰ তৃতীয় কন্যা ৰুমি কলিতাক বাক্সা জিলাৰ তামোলপুৰ মহকুমাৰ অন্তৰ্গত বৰঘুলি-মোৱামাৰী গাঁৱৰ সোমবাৰ বড়োৰ পুত্ৰ খাদাৰাম বড়োৱে বিয়া কৰায়। এই বিবাহৰ পিছত দুয়োটা পৰিয়ালৰ মাজত ভাল সম্পৰ্ক চলি আছিল। কিন্তু ১২ দিন পূৰ্বে ৰুমি কলিতাই ৰঙিয়াত থকা মাতৃৰ গৃহলৈ অহাৰ তিনিদিন পিছৰ পৰা স্বামী সন্ধানহীন হয়। পিছত পত্নীয়ে এই খবৰ পোৱাৰ পিছতে স্বামী গৃহত উপস্থিত হয়।

কিন্তু পৰিয়ালটোত থকা খাদাৰাম বড়োৰ একমাত্ৰ মাতৃয়ে পুত্ৰ নোহোৱা হোৱা কথাটো বোৱাৰীক জানিব দিয়ে লগতে ইয়াকো উল্লেখ কৰে পুত্ৰই ৰঙিয়াত থকা বোৱাৰীৰ মাতৃ গৃহলৈ গৈছে। ন-কইনাই উপায়হীন হৈ আকৌ ৰঙিয়ালৈ আহে যদিও স্বামীক লগ নাপায়। ইতিমধ্যে আজি ৯ দিন উকলি গ’ল স্বামীক বিচাৰি পোৱা নাই। এতিয়া মহিলাগৰাকীয়ে সদায় ৰাতিপুৱা হ’লেই গোটেই দিনটো স্বামীক বিচাৰি ফুৰে। স্বামীয়ে কথা ক’ব নোৱাৰে কিন্তু আনে কোৱা কথা সকলো শুনা পায়। ইংগিতৰে উত্তৰ দিয়ে। এতিয়া ৰুমি কলিতাই সকলো ৰাইজৰ সহায় বিচাৰিছে কোনোবা সদাসয় ব্যক্তিয়ে খাদাৰাম বড়োৰ কিবা সম্ভেদ পালে তলৰ 8486409476, 7448071832 নম্বৰটোত যোগাযোগ কৰিবলৈ অনুৰোধ কৰিছে। ৰঙিয়াৰ পৰা নছিউৰ ৰহমানৰ ৰিপৰ্ট ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।