ৰাষ্ট্ৰীয় মহিলা কৃষক পদ্মাৱতী বড়োক সম্বৰ্দ্ধনা

 03/22/2019 - 16:05

বৰনৰ্দ্দীঃ ভাৰত চৰকাৰৰ কৃষি মন্ত্ৰালয়ৰ দ্বাৰা আয়োজিত আৰু দূৰদৰ্শন কেন্দ্ৰ, নতুন দিল্লীৰ দ্বাৰা অনুষ্ঠিত এটা অনুস্থান হৈছে ৰাষ্ট্ৰীয় মহিলা কৃষক সন্মান ৰিয়েলিটি শ্ব’।

এই শ্ব’ত অংশগ্ৰহণ কৰি দ্বিতীয় শ্ৰেষ্ঠ ৰাষ্ট্ৰীয় মহিলা কৃষকৰ বঁটা লাভ কৰে নলবাৰী জিলাৰ চেংনৈ গাঁৱৰ শ্ৰীমতী পদ্মাৱতী বড়োৱে।এখেতক সম্বৰ্দ্ধনা জনোৱাৰ উদ্দেশ্যে কৃষি বিজ্ঞান কেন্দ্ৰ নলবাৰীত এখনি সম্বৰ্দ্ধনা সভা অনুষ্ঠিত কৰা হয়।

এই সভাত অসম কৃষি বিশ্ববিদ্যালয় যোৰহাটৰ গ্ৰাম্য কৃষি কৰ্ম অভিজ্ঞতা আঁচনিৰ ছাত্ৰ-ছাত্ৰী,নলবাৰী জিলাৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ৫০ গৰাকী কৃষক,কৃষি বিজ্ঞান কেন্দ্ৰৰ সমূহ কৰ্মকৰ্তা সকলৰ উপৰিও নলবাৰী জিলাৰ জিলা পশুপালন বিষয়া ডঃ অশ্বিনী কলিতা আৰু জিলা মীন উন্নয়ন বিষয়া প্ৰতুল বেজবৰুৱাদেৱৰ উপস্থিতিত পদ্মাৱতী বড়োক সম্বৰ্দ্ধনা জনোৱা হয়।

কেন্দ্ৰটিৰ মূৰব্বী ডঃ মৃদুল ডেকাই উক্ত কেন্দ্ৰৰ তৰফৰহৈ পদ্মাৱতী বড়োক প্ৰশংসা পত্ৰ আৰু এখন ফুলাম গামোচাৰে সম্বৰ্দ্ধনা জ্ঞাপন কৰে।বড়োক সম্বৰ্দ্ধনা জনোৱা হয়। কেন্দ্ৰটিৰ মূৰব্বী ডঃ মৃদুল ডেকাই উক্ত কেন্দ্ৰৰ তৰফৰহৈ পদ্মাৱতী বড়োক প্ৰশংসা পত্ৰ আৰু এখন ফুলাম গামোচাৰে সম্বৰ্দ্ধনা জ্ঞাপন কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।